NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ চাৰিআলিত নিৰ্মাণ হ’ব ১৪ ফুট উচ্চতাৰ বীৰ লাচিতৰ প্ৰতিমূৰ্তি

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম September 17, 2020 5:06 pm
IMG20200917132842-02(1)

আজি বিশ্বনাথ চাৰিআলিত লাচিত যুৱ সংঘৰ উদ্যোগত বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয় ।

মোগলৰ বিৰুদ্ধে পৰম সাহসেৰে যুঁজি দেশ মাতৃক ৰক্ষা কৰা বীৰ লাচিতৰ স্মৃতি সদা জাগ্ৰত কৰি ৰখাৰ উদ্দেশ্যৰেই প্ৰতিমূৰ্তিটো স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বহু দিনৰ অপেক্ষাৰ অন্তত বিশ্বনাথত এই প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰি উৎফুল্লিত হৈ পৰিছে লাচিত যুৱ সংঘৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

উল্লেখ্য যে বিশ্বনাথত বীৰ লাচিত সংঘৰ প্ৰাংগণত আজি বিশ্বকৰ্মা পুজাৰ দিনাই বিশ্বনাথৰ বিশিষ্ট সমাজকৰ্মী অকন শইকীয়া, বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি হিৰণ্য হাজৰিকা আৰু বহু কেইজন বিশিষ্ট অতিথিৰ উপস্থিতিত এই শুভ কাৰ্য সম্পন্ন কৰা হয় ।

১৪ ফুট উচ্চতাৰ নিৰ্মাণ হ’ব লগা এই প্ৰতিমূৰ্তি স্থাপন কৰোতে ব্যয় হ’ব পাঁচ লক্ষাধিক টকা আৰু এই সম্পূৰ্ণ খৰচ বহন কৰিব বিশ্বনাথৰ বিশিষ্ট সমাজ সেৱক অকন শইকীয়াই ।