NORTHEAST NOW (Assamese)
অসম

টীয়কত মাছ ধৰিবলৈ গৈ যুৱকৰ সলিল সমাধি : সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক September 20, 2020 3:24 pm
Screenshot_2020-09-20-15-04-36_1

টীয়কত মাছ ধৰিবলৈ গৈ সলিল সমাদি ঘটিছে এজন যুৱকৰ।

টীয়কৰ জগদুৱাৰ সোণাৰী গাঁও অঞ্চলত জগদুৱাৰ নদীত মাছ ধৰিবলৈ গৈ আজি দুপৰীয়া যুৱকজনৰ সলিল সমাধি ঘটে।

জানিব পৰা মতে জাঁজী বৃন্দাবন চাৰিআলিৰ ৰাজ গগৈ নামৰ ২৭ বছৰীয়া যুৱকজনে সমনীয়া কেইজনমানৰ লগত মাছ ধৰিবলৈ নদীলৈ গৈছিল।

মাছ ধৰি থাকোতে দুৰ্ঘটনা ক্ৰমে যুৱকজন পানীত পৰি যায়।

ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় একাংশ ৰাইজে ততাতৈয়াকৈ নাও লৈ পানীত পৰা যুৱকজনক সন্ধানত অভিযান আৰম্ভ কৰে।

ইফালে টীয়ক আৰক্ষীকো খবৰ দিয়ে স্থানীয় লোকে।

পিছত আৰক্ষীৰ উপস্থিতত স্থানীয় লোকে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মৃতদেহটো ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।