ব্যৱসায়ীসকলৰ সৈতে কলকাতাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক

শেহতীয়াকৈ অসম চৰকাৰে অসমক বিনিয়োগৰ লক্ষ্যস্থল হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ যথেষ্ট কষ্ট কৰিছে। বিনিয়োগকাৰীসকলক অসমত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যেই অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত অসমত অনুষ্ঠিত কৰিবলৈ ওলাইছে Global Investors’ Summit 2018. এই অনুষ্ঠানটোলৈ দেশী-বিদেশী ব্যৱসায়ী তথা বিনিয়োগকাৰীৰ অংশগ্ৰহণ নিশ্চিত কৰিবৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী-আমোলাই এক ব্যৱসায়ীসকলক সাক্ষাৎ কৰা আৰু তেওঁলোকৰ সৈতে মত বিনিময় প্ৰয়াস কৰি আছে। একেটা উদ্দেশ্যত অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাপান ভ্ৰমণ কৰি তাৰ ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰা বুলি জানিব পৰা গৈছে। একেদৰে কালি স্বয়ং মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কলকাতাত বিনিয়োগ কৰাৰ সম্ভাৱনা থকা ব্যৱসায়ীসকলৰ এক বৈঠকত মিলিত হয়। বৈঠকত তেওঁলোকৰ সৈতে অসমত হ’ব লগীয়া Advantage Assam শীৰ্ষক Global Investors’ Summit 2018 ৰ বিষয়ত মত বিনিময় কৰে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। মুখ্য মন্ত্ৰী সোণোৱালে ব্যৱসায়ীসকলক অসমত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। সূত্ৰটোৱে আমাক জনোৱা মতে, বৈঠকখনত আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান আৰু ম্যানমাৰৰ পৰা অংশগ্ৰহণ কৰা ব্যৱসায়ীসকলে অসমত বিনিয়োগত আগ্ৰহ প্ৰকাশ কৰিছে আৰু তেওঁলোকে ফেব্ৰুৱাৰিত হ’ব লগীয়া উক্ত Global Investors’ Summit 2018 লৈ তেওঁলোকৰ প্ৰতিনিধি পঠিওৱাৰ আগ্ৰহ দেখুৱাইছে।
You may also like
অগপ আৰু কংগ্ৰেছৰ মিত্ৰতা এক অবাস্তৱ কথা : প্ৰফুল্ল কুমাৰ মহন্ত
পঞ্চায়ত নিৰ্বাচনলৈ মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত অগপৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজ গৃহ সমষ্টি বঢ়মপুৰত অগপ দলৰ প্ৰাৰ্থীৰ…
বিষয়া-কৰ্মচাৰীৰ কলমৰ এটা আঁকত নিৰ্ভৰ কৰিব জাতিৰ ভৱিষ্যত : সমুজ্জ্বল ভট্টাচাৰ্য
‘বিষয়া-কৰ্মচাৰীসকলৰ কলমৰ এটা আঁকত জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰিব’।— এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। আজি গুৱাহাটীৰ…
দুখীয়া মেধাৱী শিক্ষাৰ্থীলৈ সুখবৰ : “এফিনিটি ক্লাচেচ”ৰ উল্লেখনীয় পদক্ষেপ
ৰাজ্যৰ দুখীয়া মেধাৱী শিক্ষাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে অন্যতম আগশাৰীৰ কোচিং চেন্টাৰ “এফিনিটি ক্লাচেচ”এ ৷ আৰ্থিক ক্ষেত্ৰত দুৰ্বল পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীক চিকিৎসক,…
এটা গৰুৰ দাম ৪০ কোটি টকা! অবিশ্বাস্য যেন লাগিলেও কিন্তু সঁচা
ভাৰতীয় মূলৰ এটা গৰু, যাৰ মূল্য ৪০ কোটি। এই গৰুটো ব্ৰাজিলৰ মিনাছ গেৰাইছ অঞ্চলত বিক্ৰী কৰা হৈছে। ৫৩ মহীয়া এই ‘ভিয়াটিনা-১৯’ গৰুটো…