NORTHEAST NOW (Assamese)
অসম

বিশ্বৰ আটাইতকৈ ওখ স্থানত থকা যুদ্ধক্ষেত্ৰত ভাৰতে মোতায়েন কৰিলে T-90 ভীষ্ম টেংক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 27, 2020 5:12 pm
tank

শীত ক্ৰমাৎ আগুৱাই আহিছে।

বছৰৰ বাৰটা মাহেই বৰফেৰে ঢাক খাই থকা লাডাখৰ বৰণৰ আৱৰণ আৰু অধিক ডাঠ হৈ পৰিছে।

কিন্তু শীতল বৰফে আগুৰা লাডাখৰ পৰিস্থিতি এতিয়া উত্তপ্ত হৈয়েই আছে।

শীতৰ সুযোগ লৈ চীনৰ সেনাই ভাৰতীয় সেনাৰ ওপৰত পুনৰ প্ৰাণঘাতী আক্ৰমণ সংঘটিত কৰাৰ আশংকা কৰিয়েই বিশ্বৰ সৰ্বোচ্চ স্থানত থকা লাডাখৰ যুদ্ধ ক্ষেত্ৰত ভাৰতে মোতায়েন কৰিছে ৬ খনকৈ  T-90 ভীষ্ম টেংক।

এই টেংকৰ বিশেষত্ব এয়াই যে টেংক খনে বৰফেই হওঁক বা বালিয়েই হওঁক যিকোনো বাধা ওফৰাই গতি কৰিব পাৰে।

ভাৰতীয় সেনাৰ হাতত থকা গধুৰ ওজনৰ টেংক সমূহৰ ভিতৰত T-90 ভীষ্ম টেংক অন্যতম।

কেৱল সেয়াই নহয়, ভাৰতে লাডাখৰ সুউচ্চ স্থানত সাজু কৰি ৰাখিছে আন কেইবাখনো ৭২ টেংক।

ইয়াৰ বিপৰীতে চীনে উক্ত অঞ্চলত ৰাখিছে ১৫ খন লঘু ওজনৰ টেংক।

ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে শীতৰ সময়ত লাডাখ ৰ পৰিবেশ  আৰু অধিক ভয়াৱহ হৈ পৰিব।

শীত আৰু বৰফৰ ধুমুহাই অঞ্চলটোত থাকিব নোৱাৰা পৰিবেশৰ সৃষ্টি কৰিব।

সেইবাবেই সেনাই লাডাখৰ শিবিৰ সমূহত পৰ্যাপ্ত খাদ্য আৰু ইন্ধন মজুত কৰিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।