NORTHEAST NOW (Assamese)
অসম

সোণাৰিত সেনা, আৰক্ষীৰ যুটীয়া অভিযানত আটক আলফাৰ লিংকমেন

Posted by: এন ই নাও নিউজ March 7, 2018 10:08 pm
আৰক্ষীৰ

বুধবাৰে সোণাৰিত সেনা আৰক্ষীয়ে যুটীয়া অভিযান চলাই অস্ত্ৰসহ আলফাৰ লিংকমেন আটক কৰে।

প্ৰাপ্ত তথ্য মতে সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই  সোণাৰৰিৰ চোনীগুদামৰ পৰা প্ৰশান্ত চুতীয়া নামৰ আলফাৰ লিংকমেনজনক আটক কৰে।

উল্লেখযোগ্য যে সেনা আৰু সোণাৰি আৰক্ষীৰ জালত পৰা ধৃত লিংকমেন জনে সোণাৰিৰ নামতোলা পথৰ চেনীগুদামৰ পৰা নাগালেণ্ডলৈ যোৱাৰ পথতে সেনা আৰু আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আটক চুতীয়াক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱকজনৰ ঘৰ চৰাইদেউ লেঙীবৰত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

আনহাতে ধৃত লিংকমেনজনৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিষ্টল আৰু দুই জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত সেনাই আটকাধীন যুৱকজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।