NORTHEAST NOW (Assamese)
অসম

বাবৰি মহজিদ ধ্বংসৰ ৰায়দান; আদৱানী, উমা ভাৰতীকে ধৰি ৩২ গৰাকী অভিযুক্তক নিৰ্দোষী ঘোষণা আদালতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2020 1:03 pm

আজি বহু প্ৰতিক্ষিত উত্তৰ প্ৰদেশৰ বাবৰি মহজিদ ধ্বংসৰ ৰায়দান কৰা হয়।

লক্ষ্নৌৰ চি বি আইৰ বিশেষ আদালতে বাবৰি মহজিদ ধ্বংসৰ ৰায়দান কৰে।

বাবৰি মহজিদ ধ্বংসৰ ৰায়দান কৰি লক্ষ্নৌৰ চি বি আইৰ বিশেষ আদালতে বাবৰি মহজিদ ধ্বংসৰ ঘটনা পূৰ্ব পৰিকল্পিত নাছিল বুলি কয় আৰু এই ঘটনাৰ সৈতে জড়িত ৩২ জন অভিযুক্তক নিৰ্দেষী ঘোষণা কৰে।

ইয়াৰ লগে লগে বাবৰি মহজিদ ধ্বংসৰ গোচৰত অভিযুক্ত বিজেপিৰ বৰ্ষীয়ান নেতা এল কে আদৱানী, মুৰুলী মনোহৰ যোশী, উমা ভাৰতীকে ধৰি ৩২ গৰাকী অভিযুক্তক ৰেহাই দিয়া হয়।

আদালতে এইসকল অভিযুক্তৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ নোহোৱা বাবে ৰেহাই দিয়া হয় আৰু আদৱানী, যোশী আৰু ভাৰতীয়ে উন্মত্ত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল বুলি ৰায়দান দিয়ে।

আজি আদালতে ৩২ জনকৈ অভিযুক্তক আদালতত হাজিৰ হবলৈ কয় যদিও স্বাস্থ্যজনিত সমস্যাৰ বাবে এল কে আদৱানী, যোশী, উমা ভাৰতীকে ধৰি বহুকেইগৰাকী অভিযুক্তই আদালতত উপস্থিত হ’ব নোৱাৰে।

তেওঁলোকে ভিডিঅ’ কনফাৰেন্সযোগে আদালতৰ ৰায়দানৰ শুনানিত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ১৯৯২ চনত ৰাম জন্মভূমি অযোধ্যাত স্থাপন কৰা বিতৰ্কিত বাবৰি মহজিদ ৰাম সেৱক সকলে ধ্বংস কৰিছিল।

বিগত বৰ্ষত ভাৰতীয় উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ সপক্ষে ৰায়দান কৰিছিল।