NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট শিশু সাহিত্যিক গগণ চন্দ্ৰ অধিকাৰীৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 1, 2020 7:29 am

বিশিষ্ট শিশু সাহিত্যিক গগণ চন্দ্ৰ অধিকাৰী আৰু নাই। বুধবাৰে গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত ৮০ বছৰ বয়সত সাহিত্যক গৰাকীৰ মৃত্যু ঘটে৷

সাহিত্যকগৰাকী দীৰ্ঘ দিন ধৰি শাৰীৰিক ভাৱে যথেষ্ট অসুস্থ হৈ আছিল আৰু বুধবাৰে সন্ধিয়া ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে অধিকাৰীয়ে।

জানিব পৰা মতে, শেহতীয়াকৈ ক’ৰ’নাত আক্ৰান্ত হৈছিল সাহিত্যকগৰাকী।

উল্লেখযোগ্য যে,সৰল আৰু মনোগ্ৰাহী ভাষাৰে লিখা তেওঁৰ সাহিত্যৰাজি শিশু সকলৰ লগতে বয়ষ্ক লোকসকলৰ মাজতো সমানে জনপ্ৰিয় আছিল৷

গগণ চন্দ্ৰ অধিকাৰীৰ মৃত্যু অসমীয়া সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

সাহিত্যিক গৰাকীৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ লগতে বিভিন্ন ব্যক্তি তথা দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।