NORTHEAST NOW (Assamese)
Popular Stories

আদিত্যনাথৰ ৰাজ্যত আৰু এগৰাকী দলিত কিশোৰী খণ্ডিত মৃতদেহ উদ্ধাৰ : ধৰ্ষণ কৰি হত্যাৰ কৰা সন্দেহ পৰিয়ালৰ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2020 11:14 am

উত্তৰ প্ৰদেশৰ হাথৰাছ আৰু বলৰামপুৰৰ দলিত তৰুণীৰ গণধৰ্ষণ আৰু হত্যাৰ কঁপনি মাৰ নৌযাওঁতেই ৰাজ্যখনৰ কাণপুৰত উদ্ধাৰ হৈছে আন এগৰাকী দলিত কিশোৰীৰ খণ্ডিত মৃতদেহ।

স্থানীয় সূত্ৰৰ খবৰ অনুসৰি শনিবাৰে উত্তৰ প্ৰদেশৰ কাণপুৰ দেহাৰ এক শস্য ক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰা হৈছে দলিত কিশোৰী গৰাকীৰ খণ্ডিত মৃতদেহটো।

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ২৬ ছেপ্টেম্বৰৰ পৰা নিখোজ হৈ আছিল কাণপুৰৰ দেহাৰ এখন গাঁৱৰ ১৫ বছৰীয়া লক্ষ্মী কুমাৰী নামৰ দলিত কিশোৰী গৰাকী।

নিখোজ হোৱাৰ দিনাই দলিত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

কিন্তু এসপ্তাহৰৰো অধিক দিন ধৰি আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিও নিখোজ হোৱা কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

পৰিয়ালৰ লোকে কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ কৰিছে।

কাণপুৰৰ আৰক্ষী অধীক্ষক কেশৱ চৌধুৰীৰ উদ্ধৃতিৰে হিন্দুস্তান টাইমছ-এ প্ৰকাশ কৰিছে যে দেহাৰ এক শস্য ক্ষেত্ৰৰ পৰা কিশোৰী গৰাকীৰ কেবাটাও খণ্ডেৰে সিঁচৰিত হৈ পৰি থকা মৃতদেহটো উদ্ধাৰ কৰা হৈছে।

ইতিমধ্যে খণ্ডিত মৃতদেহটো কিছু অংশ কুকুৰে ভক্ষণ কৰা বুলিও জনাইছে আৰক্ষী অধীক্ষক গৰাকীয়ে।

ইফালে মৃত কিশোৰী গৰাকীৰ পৰিয়ালৰ সদস্যৰ মাজত দীৰ্ঘদিন ধৰি ভূমি বিবাদ চলি আছিল বুলিও জানিব পৰা গৈছে।

এই বিবাদৰ ফলস্বৰূপে কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ ভাবুকি দি আহিছিল বুলিও ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তও দলিত সম্প্ৰদায়ৰ বুলি জনাইছে আৰক্ষীয়ে।