NORTHEAST NOW (Assamese)
অসম

হাফলঙত ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ শেষকৃত্য হোজাইত ! প্ৰশাসনৰ ভূমিকাক লৈ ৰাইজৰ ক্ষোভ

Posted by: পঙ্কজকুমাৰ দেৱ Updated by: পঙ্কজকুমাৰ দেৱ October 4, 2020 4:30 pm
a photo

কালি আবেলি দুইমান বজাত হাফলঙৰ বলবাহাদুৰ থাপা নামৰ এগৰাকী ব্যক্তিৰ হাফলং ক’ভিড কেয়াৰ চেন্টাৰত মৃত্যু হয়। কিন্তু মৃত্যুৰ পাছত মৃতকৰ শেষকৃত্য কৰাক লৈ সৃষ্টি হয় চাঞ্চল্যৰ। কাৰণ হাফলঙত নাই ক’ভিডত মৃত্যু হোৱা ৰোগীৰ শেষকৃত্য সম্পন্ন কৰাৰ ডেজিগনেটেড ঠাই। ৪৮৯০ বৰ্গ কিলোমিটাৰৰ ডিমা হাছাওত পাৰ্বত্য প্ৰশাসনে এক বা দুই বিঘা মাটি উলিয়াব পৰা নাই।

কালি নিশা হাফলং ক’ভিড কেয়াৰ চেন্টাৰত সম্মুখত ক’ভিড কেয়াৰ কৰ্মী আৰু মৃতকৰ আত্মীয়সকলৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বহু ৰাতিলৈকে ৰাইজে চিকিৎসালয় চৌহদত ভিৰ কৰে।

আচলতে পাৰ্বত্য প্ৰশাসনে হাফলঙৰ পৰা পোন্ধৰ কিলোমিটাৰ দূৰত্বৰ জাতিঙ্গা পৰিষদীয় এলেকাত এখন ঠাই ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ অন্তিম সৎকাৰৰ কাৰণে প্ৰস্তুত কৰিছিল। যোৱা ৫ ছেপ্তেম্বৰ তাৰিখে মাইবাঙৰ ঝন্টু চক্ৰৱৰ্তীৰ ক’ভিডত মৃত্যু হোৱাৰ পাছত অন্তিম সৎকাৰ কৰিব যোৱাত  স্থানীয় ৰাইজে আপত্তি কৰিছিল।

পাছত মাইবাঙত কৰা হয়। কিন্তু উক্ত ঘটনাৰ এমাহ পাছতো প্ৰশাসনে বিকল্প মাটি বিচাৰি উলিয়াব পৰা নাই। তাৰ বাবে তেনে পৰিস্থিতিৰ সৃষ্টি হয়।আজি পুৱা বলবাহাদুৰ থাপাৰ মৃতদেহ এম্বুলেন্সেৰে হাফলঙৰ পৰা নি হোজাই আৰক্ষী থানাৰ অন্তৰ্গত লঙ্কাত অন্তিম সৎকাৰ কৰা হয় বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি হোজাই জিলাৰ লঙ্কা আৰক্ষী থানাৰ অন্তৰ্গত উদালি স্মশানত শেষকৃত্য সম্পন্ন হয়। হাফলং অসামৰিক চিকিৎসালয়ৰ প্ৰশাসনিক বিষয়া নয়নজ্যোতি গোস্বামীয়ে আমাক এই তথ্য জানিবলৈ দিয়ে।।

উল্লেখনীয় যে যোৱা ৫ ছেপ্তেম্বৰত অনুৰূপ ভাৱে মাইবাঙৰ ঝন্টু চক্ৰৱৰ্তীৰ ক’ভিডত মৃত্যু হয়। তেতিয়াও মৃতকৰ শেষকৃত্য লৈ সমস্যা হৈছিল। কিন্তু ইয়াৰ পাছতো গা ল’ৰা নাই পাৰ্বত্য জিলা প্ৰশাসনৰ। ৰাইজৰ অভিযোগ যে ডিমা হাছাও জিলা প্রশাসনৰ ব্যৰ্থতা আৰু উদাসীনতাৰ কাৰণে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।