NORTHEAST NOW (Assamese)
অসম

অসমত ১৩০৭ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৩.৯২ শতাংশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 7, 2020 10:19 pm
642 persons test Covid19 positive in Assam on Saturday

১৩০৭গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ৩৩,৩৪৬টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৩.৯২ শতাংশ। মঙলবাৰে এই হাৰ আছিল ৩.৭৩ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৩১৭, যোৰহাটৰ ১৩৫ আৰু ডিব্ৰুগড়ৰ ১১৯গৰাকী ব্যক্তি।

নতুনকৈ পজিটিভসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৯০,২০৯লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু সাতগৰাকী ক’ভিড১৯ ৰোগীয়ে বুধবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭৮৫লৈ বৃদ্ধি পাইছে।

মৃত্যু হোৱা লোককেইগৰাকী হৈছে ডিব্ৰুগড়ৰ প্ৰফুল্ল বৰা (৬৪) আৰু মুনীন্দ্ৰ দাস (৪৫), শিৱসাগৰৰ নৱদীপ কোঁৱৰ (৪৩), চৰাইদেউৰ উষাৰাণী ৰায় (৬০), কামৰূপৰ ভৱন বৰুৱা (৬৫), গোলাঘাটৰ মাণিক শইকীয়া (৮৪) আৰু কামৰূপ মহানগৰৰ সুকুমাৰ চন্দ্ৰ চক্ৰবৰ্তী (৭৩)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত মঙলবাৰলৈকে ৭৭৮গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৫৫,০৭৪গৰাকী ব্যক্তিয়ে মঙলবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।