NORTHEAST NOW (Assamese)
অসম

ঘৰত স্বামী বিবেকানন্দৰ ছবি ওলোমাই ৰাখিলে বিজেপি ৩০-৩৫ বছৰলৈ শাসনত থাকিব,কোনে কৰিলে এই দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 8, 2020 6:52 pm
biplab deb

ঘৰত স্বামী বিবেকানন্দৰ ছবি ওলোমাই ৰাখিলে আৰু ঘৰৰ দুৱাৰত বিবেকানন্দৰ বাণী লিখি ৰাখিলে  বিজেপিক অহা ৩০-৩৫ বছৰলৈ কোনেও আঁতৰাব নোৱাৰিব।

এই মন্তব্য কৰিছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। আজি আগৰতলাত বিজেপিৰ মহিলা মৰ্চাৰ এখন সভাত অংশগ্ৰহণ কৰি এই দাবী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰী দেৱে কয় যে যদি ত্ৰিপুৰাৰ ৮০ শতাংশ লোকৰ ঘৰত স্বামী বিবেকানন্দৰ  ছবি আঁৰি থয় তেন্তে বিজেপিয়ে ক্ৰমাগত ভাবে অব্যাহত ৰাখিব পাৰিব জয়ৰ ধাৰা।

তেওঁ কয় যে বহু কমিউনিষ্ট নেতাই তেওঁলোকৰ ঘৰত ষ্টেলিন,লেনিন,মাও জে ডং আদিৰ ছবি আঁৰি ৰখা তেওঁ নিজৰ গাঁৱতে দেখিছে।

কমিউনিষ্টসকলে সেই সকল লোকক ভগৱানৰ দৰে জ্ঞান কৰে।

যদি ত্ৰিপুৰাৰ লোকসকলেও স্বামী বিবেকানন্দৰ ছবি কমিউনিষ্টসকলে ঘৰত আঁৰি ৰখাৰ দৰে আঁৰি ৰাখে তেন্তে বিজেপিয়ে ৩০-৩৫ বছৰলৈ ৰাজ কৰিবলৈ সক্ষম হ’ব।

তেওঁ বিজেপিৰ মহিলা মৰ্চাৰ সকলো সদস্যাকে ত্ৰিপুৰাৰ ঘৰে ঘৰে গৈ মানুহক স্বামী বিবেকানন্দৰ ছবি ঘৰত আঁৰি ৰাখিবলৈ উৎসাহিত কৰাৰ বাবে আহ্বান জনায়।