NORTHEAST NOW (Assamese)
অসম

কৃষক বিৰোধী ক’লা আইন বাতিলৰ দাবীত বিশ্বনাথত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম October 10, 2020 4:09 pm
index

বিজেপি চৰকাৰে শেহতীয়া ভাৱে সংসদত গৃহীত কৰা কৃষক বিৰোধী ক’লা আইন বাতিলৰ দাবীত বিশ্বনাথ ব্লক কংগ্ৰেছ, সাকোমঠা ব্লক কংগ্ৰেছ আৰু বিশ্বনাথ পৌৰ ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

এই কাৰ্যসূচীত বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, বিশ্বনাথ ব্লকৰ সভাপতি দীপ দাস, সাকোমঠা ব্লকৰ সভাপতি ৰামপ্ৰসাদ বাগ, বিশ্বনাথ সমষ্টি যুৱ-কংগ্ৰেছৰ সভাপতি কিশোৰ মহালীৰ লগতে বহু কেইজন জেষ্ঠ কংগ্ৰেছী নেতা উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে।

সমান্তৰালকৈ  কৃষক বিৰোধী ক’লা আইনৰ বাতিলৰ দাবীত বিশ্বনাথ জিলা কংগ্ৰেছৰ নিৰ্দেশম মৰ্মে চতিয়া ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগতো প্ৰতীবাদী ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

এই কাৰ্যসূচীত বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক (প্ৰশাসন) প্ৰশান্ত হাজৰিকা, চতিয়া ব্লক কংগ্ৰেছৰ সভাপতি হৃদয় জ্যোতি শ‌ইকিয়া লগতে চতিয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়ে কান্ধত নাঙল লৈ প্ৰতিবাদকাৰীসকলক উৎসাহিত কৰে।

ইয়াৰোপৰি বহু কেইজন কংগ্ৰেছী নেতাৰ উপস্থিতিত চৰকাৰ বিৰোধী শ্লোগানৰে চতিয়াৰ গেৰেকীৰ ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ যে বিশ্বনাথ জিলাৰ অন্তৰ্গত সৰ্বমুঠ আঠটা ব্লক কংগ্ৰেছ কমিটীৰ কৰ্মীসকলে ঠায়ে ঠায়ে সমান্তৰালকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।