NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষী প্ৰশাসনত সাল-সলনি; চাৰি আৰক্ষী বিষয়াৰ বদলি-পদোন্নতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 12, 2020 6:59 am
Assam_Police_badge-1024x614-750x375

অসম আৰক্ষীপ্ৰশাসনত ঘটোৱা এক সাল-সলনিত দুগৰাকী আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক বদলি কৰা হৈছে।

সেইদৰে দুগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক পদোন্নতি দিয়া হৈছে।

গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত (যান-বাহন শাখা) মায়ংক কুমাৰক কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

আনহাতে, কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক বদলি কৰি বৰপেটা জিলাৰ এফআৰআৰঅ’ (ফৰেইনাৰছ ৰিজ’নেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ) হিচাপে দায়িত্ব দিয়া হৈছে।

সেইদৰে গুৱাহাটীৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত (যান-বাহন শাখা) প্ৰানজিৎ বৰাক গুৱাহাটীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিচাপে পদোন্নতি দিয়া হৈছে।

ইপিনে, অপৰাধ শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত নবনীত মহন্তক পদোন্নতি দি পশ্চিম গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্তৰ দায়িত্ব দিয়া হৈছে।