NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ দৰৱৰ বাবে অত্যন্ত ফলদায়ক জালুক! কি ক’লে গৱেষকসকলে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2020 10:24 am
Black-Pepper

কৰ’না ভাইৰাছৰ দৰৱ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অত্যন্ত অত্যন্ত ফলদায়ক হ’ব পাৰে আমাৰ অতি পৰিচিত জালুক।

এদল ভাৰতীয় গৱেষকে দাবী কৰিছে যে জালুকত থকা পেপাৰিন নামৰ উপাদানে কৰ’না ভাইৰাছ ধ্বংস কৰিব পাৰে।

ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন’লজিৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষকসকলে তেওঁলোকৰ এক গৱেষণাত এইকথা প্ৰকাশ কৰিছে।

মুখ্য গৱেষক উমাকান্ত ত্ৰিপাঠীয়ে কয়, ‘’আন কোনো ভাইৰাছৰ দৰে কোভিডেও মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ বাবে পৃষ্ঠৰ প্ৰ’টিন ব্যৱহাৰ কৰে।‘’

গৱেষকৰ দলটোৱে এনে এবিধ প্ৰাকৃতিক উপাদান আৱিষ্কাৰ কৰিছে যিয়ে এই প্ৰ’টিনক বান্ধি ৰাখিব তথা ভাইৰাছটোক মানুহৰ কোষত প্ৰৱেশ কৰাত বাধা দিব।

গৱেষণাটোত বিশেষজ্ঞসকলে দাবী কৰা মতে, জালুকত থকা পেপাৰিন নামৰ উপাদানটোৱে কৰ’না ভাইৰাছৰ সৈতে যুঁজ দিবলৈ সক্ষম।

ত্ৰিপাঠীয়ে জানিবলৈ দিয়ে যে গৱেষণাৰ এই ফলাফল অত্যন্ত আশাব্যঞ্জক আৰু ইয়াত সন্দেহ প্ৰকাশৰ কোনো অৱকাশ নাই। অৱশ্যে, নিশ্চিতকৰণৰ বাবে আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি তেওঁ কয়।

উৰিষ্যাৰ বায়’টেক সংস্থা আইএমজেনেক্স ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ বায়’লজিক্সৰ তত্ত্বাৱধায়ক অশোক কুমাৰৰ সহযোগিতাত এই নিৰ্দিষ্ট উপাদানৰ পৰীক্ষা চলোৱা হৈছে।

এই পৰীক্ষাই সফলতা লাভ কৰিলে এটা ডাঙৰ সম্ভাৱনাৰ সৃষ্টি হোৱাটো নিশ্চিত। তদুপৰি, জালুক এনে এটি প্ৰাকৃতিক উপাদান যাৰ কোনো পাৰ্শ্বক্ৰিয়া নাই।