NORTHEAST NOW (Assamese)
অসম

ৰাকেশ পালৰ বিৰুদ্ধে ৰাজসাক্ষী দিবলৈ সাজু এজন ৰাজপত্ৰিত বিষয়া

Posted by: এন ই নাও নিউজ March 10, 2018 7:55 am
Rakesh Pal

ৰাজ্যৰ লাখ লাখ মেধা শক্তিক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অসম লোকসেৱা আয়োগত দুৰ্নীতিৰে চাকৰিৰ বজাৰ খোলা ৰাকেশ পাল বাহিনীৰ বাবে দেখা দিছে এক নতুন সংকট। সমগ্ৰ লোকসেৱা আয়োগৰ কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পালৰ বিৰুদ্ধে এইবাৰ ওলাইছে ৰাজসাক্ষী ।

তদন্তকাৰী অসম আৰক্ষীৰ বাবে এতিয়া সমগ্ৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া অধিক সুচল হ’ব। কিয়নো খোদ ৰাকেশ পালে চাকৰি দিয়া এজন ৰাজপত্ৰিত বিষয়াই তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীৰ সৈতে ৰাজসাক্ষী দিয়া সন্দৰ্ভত যোগাযোগ কৰিছে।

উল্লেখযোগ্য যে ৰাজসাক্ষী হ’ব বিচৰা বিষয়াজনে ৰাকেশ পালৰ সমগ্ৰ কেলেংকাৰীৰ বিষয়ে মুখ খুলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে বুলি আৰক্ষীয়ে ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতক জানিবলৈ দিয়াৰ লগতে তেওঁৰ জবানবন্দী লোৱাৰ বাবেও অনুমতি বিচাৰে।

জানিব পৰা অনুসৰি আদালতে বিষয়াজনৰ জবানবন্দী লোৱাৰ বাবে আৰক্ষীক অনুমতি প্ৰদান কৰিছে। দুই এদিনতে বিষয়াজনে দণ্ডাধীশৰ সন্মুখত তেওঁৰ জবানবন্দী দিব বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বৃহৎ কেলেংকাৰীটোৰ গোচৰত বিষয়াজনক ৰাজসাক্ষী হিচাপে থিয় হ’লে ৰাকেশ পালৰ লগতে তেওঁৰ সহযোগী আৰু চাকৰি ক্ৰয় কৰা বিষয়াসকলৰ বাবে আৰু অধিক সংকটে দেখা দিব।

মনকৰিবলগীয়া যে উক্ত বিষয়াজনক ৰাকেশ পালে চাকৰি দিছিল যদিও তেওঁ এচিএছ নে এপিএছ সহযোগী সেৱাৰ বিষয়া সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই।

ইফালে তদন্তৰ গোপনীয়তা আৰু সুৰক্ষাৰ স্বাৰ্থতে আৰক্ষীয়ে এতিয়ালৈ সাক্ষী দিবলগীয়া ৰাজপত্ৰিত বিষয়াজনৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰাখিছে।

এক শুত্ৰৰ পৰা জানিব পৰা অনুসৰি ৰাজপত্ৰিত বিষয়াজন এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই যদিও গ্ৰেপ্তাৰৰ আশংকাত ভুগিয়েই বিষয়াজনে ৰাজসাক্ষী হৈ শাস্তি কিছু লাঘৱ কৰাৰ চেষ্টা কৰিছে।