NORTHEAST NOW (Assamese)
অসম

হৃদক্ৰিয়া জনিত জটিলতাত আক্ৰান্ত হৈ চিকিৎসাধীন বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2020 3:21 pm

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম গৰাকী বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱ হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।

‘‘হৃদক্ৰিয়া জনিত জটিলতাত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে মহান ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱ। বৰ্তমান তেওঁক দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। তেওঁৰ আশু আৰোগ্য কামনা কৰিলো,’’ সাংবাদিক তিনা থেকাৰে কপিল দেৱৰ অসুস্থতাৰ খবৰ ৰাজহুৱা কৰি এইদৰে টুইট কৰে।

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ কপিল দেৱে ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব প্ৰদান কৰিছিল।

১৯৭৮ চনত পাকিস্তানৰ বিৰুদ্ধে কপিল দেৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল।

কপিল দেৱে ভাৰতীয় জতীয় দলৰ হৈ ১৩১ খন টেষ্টত অংশগ্ৰহণ কৰি ৫২৪৮ ৰান সংগ্ৰহ কৰাৰ উপৰি ৪৩৪ টা উইকেট দখল  কৰিছিল।

তদুপৰি তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে ২২৫ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈ ৩৭৮৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ২৫৩ টা উইকেট দখল কৰিছিল।