NORTHEAST NOW (Assamese)
অসম

২ কোটি ৪২ লাখ টকাৰে ক্ৰয় কৰা নিজৰ মাৰ্ছিডিজ গাড়ী খন জ্বলাই দিলে এজন যুৱকে, কিন্তু কিয়? চাওঁক ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 29, 2020 3:24 pm
a _merc

মাৰ্ছিজিজ গাড়ী এখন ক্ৰয় কৰাটো বহুতোৰে বাবে এক সপোন।

বিশ্বৰ বিলাসী গাড়ী সমূহৰ ভিতৰৰে অন্যতম এনে এখন মাৰ্ছিডিজ গাড়ী কিনাৰ সপোন আছিল এজন যুৱকৰো।

সেইমতে ২০১৯ চনৰ মাজ ভাগত যুৱক জনে ভাৰতীয় মুদ্ৰাৰ হিচাপত ২ কোটি ৪২ লাখ টকা মূল্যৰ এখন মাৰ্ছিডিজ গাড়ী ক্ৰয় কৰিছিল।

কিন্তু সপোনৰ সেই গাড়ী খনেই পথাৰলৈ নি গেছ’লিন ঢালি জ্বলাই দিলে যুৱক জনে।

ঘটনাটো ৰাছিয়াৰ।ৰাছিয়াৰ যুৱক মিখাইল লিটভিনে পৰম আশাৰে ক্ৰয় কৰিছিল মাৰ্ছিড়িজৰ AMG GT 63 S মডেলৰ গাড়ী খন। কিন্তু নতুন গাড়ী খন কিনাৰ পিছৰে পৰা গাড়ী খনে প্ৰায়ে যুৱক জনক অসুবিধাত পেলাবলৈ ল’লে।

সপ্তাহৰ বেছি ভাগ দিনেই গাড়ী খনৰ যান্ত্ৰিক বিজুতি ঘটিবলৈ লোৱাত বিবুধিত পৰিল যুৱক জন।

গাড়ী খন প্ৰায়ে বেয়া হৈ থকাৰ কথাটো যুৱক লিটভিনে গাড়ী বিক্ৰী কৰা ডিলাৰক অৱগত কৰাত ডিলাৰে গাড়ী খন গেৰেজলৈ নি কেইবা বাৰো ভাল কৰি দিলে।

কিন্তু প্ৰতিবাৰেই ভাল কৰি অনাৰ পিছতে গাড়ী খন পুনৰ বেয়া হ’বলৈ আৰম্ভ কৰিলে।

ডিলাৰক এই বিষয়ে পুনৰ জনোৱাত ডিলাৰে আনকি জাৰ্মানীৰ পৰাও গাড়ী খনৰ মেৰামতিৰ বাবে প্ৰয়োজন হোৱা যন্ত্ৰাংশ আনি গাড়ী খন মেৰামতি কৰি দিলে যদিও কোনো ফল নধৰিল।

মেৰামতি কৰি ঘৰলৈ অনাৰ পিছতে গাড়ী খন পুনৰ বিকল হৈ পৰিল।

যুৱক জনে পুনৰ ডিলাৰলৈ ফোন কৰিলে যদিও ডিলাৰে যুৱক জনৰ ফোন গ্ৰহণ নকৰা হ’ল।

অৱশেষত বিৰক্তিতে যুবক জনে পৰম আশাৰে কিনা মাৰ্ছিডিজ গাড়ী খন ঘৰৰ কাষৰে পথাৰ এখনলৈ নি গেছ’লিন ঢালি জ্বলাই দিয়ে।

যুৱক জনে আনকি গাড়ী খন জ্বলাই দিয়াৰ দৃশ্য কেমেৰাত বন্দী কৰি সেয়া নিজৰ ইউটিউব চেনেলত প্ৰচাৰ কৰিলে।

দুখ জনক এই ঘটনাটোৰ দৃশ্য এতিয়ালৈকে ১ কোটিতকৈয়ো অধিক লোকে চাইছে।

দামী গাড়ী খন জ্বলাই দিয়াৰ দৃশ্য দেখি বহুতে যুৱক জনৰ দুখৰ সমভাগী হৈ মন্ত্বব্য কৰাও পৰিলক্ষিত হৈছে।