NORTHEAST NOW (Assamese)
অসম

নগাঁও তথা কলিয়াবৰবাসীৰ বাবে এক ভাল খবৰ : মৰা কলংনৈ পুনৰ প্ৰৱাহিত হোৱাৰ দিশত

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা October 30, 2020 7:56 pm
a kolong

নগাঁও তথা কলিয়াবৰবাসীৰ বাবে এক ভাল খবৰ মৰা কলংনৈ খনে পুনৰ প্ৰাণ পাই উঠিব। পুনৰ প্ৰৱাহিত হৈ কলং নৈ খনে কুলু কুলু সুৰেৰে বৈ যাব আপোন নৈ খনে।

এই কলং নৈ খন আজিৰ পৰা ৫৮ বছৰ আগতে অপৰিকল্পিতভাৱে বন্ধ কৰি দিয়া হৈছিল। তাৰ পাছত বছৰ বছৰ ধৰি মেটেকাৰে ভৰি পৰিছে এই নৈ খন।

 কলিয়াবৰৰ হাতীমূৰা বৰঘোপ পাহাৰৰ পৰা সৃষ্টি হোৱা এই কলং সুঁতিয়ে ১৪০ কিলোমিটাৰ জুৰি কলিয়াবৰ, নগাওঁ, মৰিগাঁওহৈ  কামৰূপ জিলাৰ কাজলীমুখতগৈ পুনৰ ব্ৰহ্মপুত্ৰত বিলীন হৈছে। এই দীঘলীয়া বাটছোৱাত কলঙৰ দুইপাৰে কলং সভ্যতাই ক’লা,  সংস্কৃতি,সাহিত্য  কৃষি,অৰ্থনীতিক এক মেটমৰা সম্ভাৰ দিছিল। অৱশ্যে কলং নৈ খনবন্ধ হৈ যোৱাৰ ফলত কলং সভ্যতাৰ দুয়োপাৰ উকা হৈ পৰিছিল।

অৱশ্যে কলংনৈ খনক পুনৰ উজ্জীৱিত কৰিবলৈ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ উদ্যোগত কলং পুনৰুজ্জীৱিত প্ৰকল্প গ্ৰহণ কৰা হৈছে। বৃহস্পতি  বাৰে মাংগলিক কাৰ্য্যসূচীৰে নামপ্ৰসংগ, মহাবিষ্ণু যজ্ঞ আদিৰে অনুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠানৰ পাছত আজি অসম চৰকাৰৰ জলসম্পদ বিভাগে এই কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ।

আজি পুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ, ধৰ্মালম্বীৰ ১০৮ গৰাকী আয়তীয়ে ব্ৰহ্মপুত্ৰৰ পানী আনি কলং নৈত মিলিত কৰি দিয়ে । ইয়াৰ পাছতে কলিয়াবৰৰ সকলো সামাজিক, সাংস্কৃতিক, দল, সংগঠনৰ মুৰব্বীৰ লগতে মঠ, মন্দিৰ, দৌল দেৱালয়ৰ, গিৰ্জা, মছজিদ আদি ধৰ্মীয় অনুষ্ঠান সমূহৰ পৰা ধৰ্ম জাজক সকল আহি এগছিকে বন্তি প্ৰজ্বলন কৰি এই কাৰ্যসূচীক সাৰ্বজনীন ৰূপ প্ৰদান কৰে।

ৰাইজৰ অতিকৈ আপোন কলংনৈ খনক  নিয়ন্ত্ৰিতভাৱে বোৱাই নিয়াৰ সপোন যেন আজি বাস্তৱ হোৱাৰ দিশত। ২০২১ বৰ্ষৰ বাৰিষাত কলং বোৱতী হোৱাৰ প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত এখোঁজ আগুৱাইছে কলিয়াবৰৰ বিধায়ক তথা অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই।

কলিয়াবৰ তথা নগাঁও জিলাবাসীৰ এক দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশে আগবাঢ়িছে অসম চৰকাৰ। কলং উজ্জীৱিতকৰণ আঁচনিৰ শুভাৰম্ভণী হিচাপে আজি কলিয়াবৰ মহকুমাৰ হাতিমুৰাৰ ব্ৰহ্মপুত্ৰৰ আৰিকাটিৰ পৰা নগাঁও জিলাৰ মাজেৰে বৈ গৈ  কলং সুঁতি পুনৰ ব্ৰহ্মপুত্ৰৰ কাজলী মুখলৈকে প্ৰায় ১৪২ কিলোমিটাৰ দৈৰ্ঘ‍্যৰ নদীখন কলিয়াবৰৰ হাতিমুৰাৰ আৰিকাটি উৎপত্তি স্থানৰ পৰা বৈ যোৱাৰ প্ৰকল্প লৈছে অসম চৰকাৰে ।

হেঁপাহৰ কলং খনক পুনৰ প্ৰবাহিত কৰাৰ দিশত আজি কলিয়াবৰৰ বিধায়ক তথা অসম চৰকাৰৰ  জলম্পদ মন্ত্ৰী কেশৱ মহন্তই “কলং নদীৰ পুনৰজীৱিত কৰণ”আঁচনি খন উদ্ধোধন কৰে।

উক্ত উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস,জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য সচিব চৈয়দিন আব্বাচি,নগাওঁ জিলাৰ উপায়ুক্ত কভিথা পদ্মনাভনকে ধৰি বিশিষ্ট ব্যক্তি সকল ।