NORTHEAST NOW (Assamese)
অসম

দীপাৱলীৰ পূৰ্বে নগাঁও জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 12, 2020 7:53 pm
a nagaon

আগন্তুক কালী পূজা, দীপাৱলী আৰু ষট পূজা উৎসৱ উদযাপনৰ ক্ষেত্ৰত বৰ্তমানৰ কভিড পৰিস্থিতিৰ লগতে ৰাজহুৱা শান্তি-সম্প্ৰীতিৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ জিলা দণ্ডাধীশ কবিথা পদ্মনাভণে ফৌজদাৰী কাৰ্য্যবিধিৰ অধীনত সমগ্ৰ জিলাখনতে ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

এই অনুসৰি পেট্ৰল পাম্প, এল, পি, জি, মজুত ৰখা এলেকা, পাৱাৰ হাউচ আদিৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্য্যন্ত কোনোধৰণৰ আতচবাজি ব্যৱহাৰৰ কৰিব নোৱাৰিব লগতে পথ, পদ-পথ আদিত আতচবাজি বিক্ৰী আৰু ফুটুৱাৰ ক্ষেত্ৰত আৰু যি কোনো ধৰণৰ ৰকেট জাতীয় আটচবাজি ফুটুৱাত আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইয়াৰ উপৰিও আগন্তুক দিপাবলীৰ সময়ত সন্ধিয়া ৮ বজাৰ পৰা নিশা ১০ বজালৈহে আতচবাজি(Green Crackers) ব্যৱহাৰৰ কৰিব পাৰিব লগতে ষট পূজাৰ দিনা পুৱা ৬ বজাৰ পৰা পুৱা ৮ বজালৈ আৰু খ্ৰীষ্টমাচ আৰু নিউ ইয়েৰ ইভ ত ৰাতি ১১’৫৫ বজাৰ পৰা পুৱা ১২’৩০ বজালৈহে আতচবাজি(Green Crackers) ব্যৱহাৰ কৰিব পাৰিব।

এই আইন তৎকালে জিলাখনত বলবৎ কৰা হৈছে আৰু এই আইন ভংগকাৰী সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হব।