NORTHEAST NOW (Assamese)
অসম

অখিল গগৈক মুক্তিৰ দাবীত নগাঁও চহৰত প’ষ্টাৰ আঁৰি প্ৰতিবাদ ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2020 5:49 pm
a nagaon

 প্ৰায় এবছৰ ধৰি কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত শুকুৰবাৰে পুনৰ নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

শেহতীয়াকৈ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ খনে ভাৰতীয় সংবিধানৰ বাক স্বাধীনতাক খৰ্ব কৰি আক্ৰমণৰ লক্ষ্য কৰি লৈছে সাংবাদিক শিল্পী সাহিত্যিকক ।

প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা প্ৰতিবাদী সকলে কয় যে সম্পূৰ্ণ এটা বছৰ তাৰিখৰ পাছত তাৰিখ আৰু এটা গোচৰৰ ওপৰত আৰু এটা গোচৰ জাপি আপোচহীন নেতা অখিল গগৈক যি দৰে জেলৰ চাৰি বেৰৰ মাজত আবদ্ধ কৰি ৰাখিছে তাৰ দ্বাৰা  প্ৰমাণিত হয় বিজেপি চৰকাৰে কিমান ভয় কৰে অখিল গগৈক ।

এক গণতান্ত্ৰিক সংগ্ৰামক অতি সাহসেৰে আপোচহীন ভাৱে নেতৃত্ব দিয়া অখিল গগৈক অতি সোনকালে মুকলি কৰি দিবলৈ দাবী জনাই প্ৰতিবাদকাৰী সকলে ।

 নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত বেনাৰ-প’ষ্টাৰ আঁৰি সংগঠন দুটাই চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

ইয়াৰ উপৰিও  ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সেহতিয়াকৈ অখিল গগৈৰ ছবিৰ দেৱাল অংকনৰ বাবে শিল্পীক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে  চৰকাৰক ।