NORTHEAST NOW (Assamese)
অসম

পূজাৰ বতৰতে বান! নেপকোৱে খুলি দিলে পানী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 2, 2025 7:46 am
পূজাৰ বতৰতে বান! নেপকোৱে খুলি দিলে পানী

নেপকোৱে নগালেণ্ডৰ দোয়াং জল বৈদ্যুতিক প্ৰকল্পৰ চাৰিখন গেট মুকলি কৰিছে।

যাৰ ফলত গোলাঘাটৰ ধনিশিৰি নৈ পানীৰে উপছি পৰিছে।

নদীৰ পাৰৰ ওচৰত বাস কৰা বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে নীপকোৱে।

লগতে গোলাঘাট জিলা প্ৰশাসনে দুৰ্যোগ সঁহাৰি আৰু জৰুৰীকালীন সেৱাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলক যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সতৰ্কবাণী দিছে।

বানাক্ৰান্ত অঞ্চলৰ লোকসকলক সজাগ হৈ থাকিবলৈ আৰু জৰুৰীকালীন সঁহাৰি দলৰ সৈতে সহযোগিতা আগবঢ়াবলৈ প্ৰশাসনে আহ্বান জনাইছে।