NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না সংকটৰ মাজতো BCCI-এ উপাৰ্জন কৰিলে ৪০০০ কোটি টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2020 5:25 pm

ক’ৰ’না মহামাৰীৰ দৰে কঠিন সময়ত, যেতিয়া বিশ্বৰ প্ৰায় সকলো ক্ৰীড়া সংস্থা আৰ্থিক সমস্যাত পৰিছিল, ঠিক সেই সময়তেই কিন্তু বি চি চি আইৰ কোষাগাৰত সোমাইছে ৪,০০০ কোটি টকা।

এই বছৰ, আই পি এলৰ আয়োজন কৰি ভাৰতীয় ক্ৰিকেট বোৰ্ডে এই বৃহৎ পৰিমাণৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ক’ৰ’নাৰ মহাসংক্ৰমণৰ বাবে আই পি এল আয়োজন কৰাত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বিচিচিআই। কিন্তু সকলো বাধা আঁতৰাই বোৰ্ডে সফলতাৰে প্ৰতিযোগিতাখন য়ুনাইটেড এমিৰেটছ আৰবত আয়োজন কৰে।

এইখিনিতে এটা কথা কোৱা প্ৰয়োজন যে, যদিহে আই পি এল আয়োজন কৰিব নোৱাৰিলেহেতন তেন্তে বি চি চি আই যথেষ্ট লোকচানৰ সন্মুখীন হ’লহেতেন।

উল্লেখ্য যে বি চি চি আইৰ কোষাধ্যক্ষ অৰুণ ধুমলে আই পি এলৰ লাভৰ পৰিমাণৰ বিষয়ে অৱগত কৰিছে।

তেওঁ কয়, ‘যোৱাবাৰৰ তুলনাত বি চি চি আইৰ এইবাৰ আই পি এল আয়োজনত ব্যয় ৩৫ শতাংশ হ্ৰাস পাইছে’।

এনে মহামাৰীৰো সময়তো বোৰ্ডে ৪,০০০ কোটি টকা উপাৰ্জন কৰাৰ লগতে টিভিৰ দৰ্শক ২৫ শতাংশ বৃদ্ধি পাইছে বুলি ধুমলে জনায়।

উল্লেখ্য যে য়ু এ ইত অনুষ্ঠিত এইবাৰৰ আই পি এলত আৰম্ভণিৰে পৰা শেষলৈ মুঠ ১৮০০ গৰাকী লোকক ক’ৰ’না পৰীক্ষা কৰা হৈছিল।