NORTHEAST NOW (Assamese)
অসম

দেশত যোৱা ২৪ ঘণ্টাত ক’ৰ’নাই প্ৰাণ কাঢ়ি নিলে ৫২৪ গৰাকী লোকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2020 11:48 am

ভাৰতত বৃহস্পতিবাৰে ৪৪,৪৮৯ গৰাকী লোক নতুনকৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি খবৰ পোৱাৰ পিছত দেশত মুঠ ঘটনা ৯২,৬৬,৭০৬ লৈ বৃদ্ধি পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, বৰ্তমান সমগ্ৰ দেশত ৪,৫২,৩৪৪ গৰাকী সক্ৰিয় ৰোগী আছে। আনহাতে ৮৬,৭৯,১৩৮ জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে।

ইফালে বুধবাৰৰ দিনটোত ৫২৪ জন লোকৰ মৃত্যু হোৱাৰ ফলত মুঠ মৃতকৰ সংখ্যা ১,৩৫,২২৩ জনলৈ বৃদ্ধি পাইছে।

দেশত প্ৰতিদিনে নতুনকৈ সংক্ৰমিত ৰোগীৰ সংখ্যা ছেপ্টেম্বৰৰ মাজভাগৰ পৰা হ্ৰাস পাইছে।

সক্ৰিয় ক’ভিড-১৯ৰ সংখ্যাও এতিয়া ১০ লাখৰ তললৈ নামি আহিছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে অৰ্থাৎ আই চি এম আৰৰ মতে, ২৫ নৱেম্বৰলৈকে দেশত পৰীক্ষা কৰা মুঠ নমুনাৰ সংখ্যা হৈছে ১৩, ৫৯, ৩১৫৪৫।

ইয়াৰ ভিতৰত আছে বুধবাৰে ১০, ৯০২৩৮ টা নমুনা।

ইফালে বুধবাৰৰ দিনটোত হিমাচলত ৮৩৭, ঝাৰখণ্ডত ২৩৭, পশ্চিমবংগত ৩৫২৮ আৰু হাৰিয়াণাত ২১৯৭ গৰাকী লোক নতুনকৈ ক’ভিড পজিটিভ পোৱা বুলি জানিব পৰা গৈছে।