NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত ‘হীৰা’ উদ্ধাৰৰ স্বপ্নভংগ; হীৰা নহয় চকমকীয়া শিলবোৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 28, 2020 11:31 am
Untitled-1-1-750x375

ভূতাত্বিকসকলে নিশ্চিত কৰিছে যে নাগালেণ্ডৰ মন জিলাৰ ৱানচিং গাঁওৰ চকমকীয়া শিলবোৰ হীৰা নহয়।

বিগত কেইদিনমান ধৰি কেইবাশ লোকে ম্যানমাৰ সীমান্তৰ ৱানচিং গাওঁৰ সমীপত শিৱিৰ পাতি ‘হীৰা’ খান্দি উলিওৱাৰ চেষ্টা চলাইছিল।

যোৱা বৃহস্পতিবাৰে শতাধিক জনজাতীয় নগা গাওঁবাসীয়ে গাওঁখনৰ এখন সৰু পাহাৰত ‘হীৰা’ বিচাৰি খান্দি থকা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল।

নাগালেম্ডৰ ভূতত্ব আৰু খনন বিভাগৰ সঞ্চালক এছ মেনেনে বৃহস্পতিবাৰে মন জিলাৰ ৱানচিং গাওঁ ভ্ৰমণ কৰি সমূহীয়াভাৱে হীৰা বিচাৰি খান্দি থকা ঘটনাৰ তাৎক্ষণিভাৱে উহ বিচাৰি উলিয়াবলৈ চাৰিগৰাকী ভূতাত্বিকক দায়িত্ব দিছিল।

দায়িত্ব অৰ্পন কৰা চাৰিগৰাকী ভূতাত্বিক এবেনথাং লোথা, লংৰিকাবা, কেনিয়েলো ৰেংমা আৰু ডেভিড লউপেনিয়ে শুকুৰবাৰে ৱানচিং গাঁওত এক বিতং অধ্যয়ন চলায়।

পুংখানুপুংখ অনুসন্ধানৰ পাছত ভূতাত্বিকৰ দলটোৱে মতামত দিছে যে চকমকীয়া সেই শিলবোৰ হীৰা নহয়।

প্ৰাথমিক অনুসন্ধানত ভূতাত্বিককেইজনে মত প্ৰকাশ কৰে যে ৱানচিং গাওঁৰ লোকসকলে পোৱা চকমকীয়া শিলবোৰ স্ফটিক শিলহে।

শনিবাৰে ৱানচিঙৰ সূত্ৰসমূহে ‘নৰ্থইষ্ট নাও’ক জানিবলৈ দিয়ে যে ভূতাত্বিকৰ দলটোৱে সোমবাৰে তেওঁলোকৰ অধ্যয়নৰ এক বিশদ প্ৰতিবেদন দাখিল কৰিব পাৰে।

মন জিলাৰ উপায়ুক্ত থাভাছীলম কে’য়ো ৱানচিং গাঁওৰ ‘হীৰা’ৰ সন্ধানৰ প্ৰতিবেদন ওচৰৰ পৰা পৰ্যবেক্ষণ কৰি আছে।

ইয়াৰ পূৰ্বে নাগালেণ্ডৰ জনসাধাৰণে নাগালেণ্ডৰ মন জিলাৰ ৱানচিং গাওঁৰ চকমকীয়া শিলবোৰ হীৰা হ’ব পাৰে বুলি আশাবাদী হৈ আছিল।

সাম্প্ৰতিক বিজ্ঞানৰ জাৰ্ণেলত প্ৰকাশিত এক ইণ্ডো-জৰ্মান অধ্যয়ন অনুসৰি প্ৰকাশ পাইছে যে ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলত পোৱা ‘অ’ফিওলাইট‘ শিলবোৰত  এক মিলিমিটাৰতকৈ কম সৰু আকৃতিৰ হীৰা-‘মাইক্ৰ’ ডাইমণ্ড’ থাকিব পাৰে।