NORTHEAST NOW (Assamese)
অসম

টীয়কত বনৰীয়া হাতীৰ তাণ্ডৱ, মহতিয়াই নিছে খেতি পথাৰ, চাহ বাগিচা

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 6, 2020 1:51 pm
a elephant

যোৰহাট জিলাৰ যোৰহাট বন সংমণ্ডলৰ অধীনস্থ টীয়কৰ বৃহত্তৰ মেলেং অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ।

খাদ্যৰ সন্ধানত গিৱন অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই অহা প্ৰায় ৩০/৩৫ টা হাতীৰ জাকে বৃহত্তৰ মেলেং অঞ্চলৰ খেতি পথাৰৰ অনিষ্ট সাধন কৰাৰ লগতে চাহ বাগিচা সমূহৰো অনিষ্ট সাধন কৰিছে ।

দীৰ্ঘদিন ধৰি হাতীৰ জাকটোৱে অঞ্চলটোত  ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

ক্ষতিগ্ৰস্ত কৃষকসকলে  বনৰীয়া হাতীৰ জাকটোক নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগক অনুৰোধ জনাই অহাৰ পিছতো এই ক্ষেত্ৰত বিভাগটোৰ পৰা কোনো ইতিবাচক সঁহাৰি নোপোৱাত হতাশ হৈ পৰিছে কৃষকসকল।

প্ৰতি বছৰে এই অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছে।