একেলগে ২ হাজাৰ লোকে পঢ়িব পাৰিব নামাজ : সম্পূৰ্ণ অযোধ্যাৰ মছজিদৰ নক্সা!

উত্তৰ প্ৰদেশৰ অযোধ্যা মছদজিদৰ নক্সা প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সৰ্বভাৰতীয় এক সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰিছে এই কথা।
সূত্ৰৰটোৰ মতে ১৯৯২ চনত হিন্দুত্ববাদী সংগঠনসমূহে ধ্বংস কৰা বাবৰি মছজিদৰ সমান এলেকাজুৰি নিৰ্মাণ কৰা হ’ব এই নতুন মছজিদটো।
ইতিমধ্যে অযোধ্যাৰ মছজিদটো নিৰ্মাণৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক মাটি প্ৰদানৰ বাবে নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ পিছতে উত্তৰ প্ৰদেশ চৰকাৰে মছজিদ নিৰ্মাণৰ বাবে ধন্নিপুৰত পাঁচ একৰ মাটি প্ৰদান কৰিছে।
উক্ত পাঁচ একৰ মাটিত মছজিদৰ সৈতে চুপাৰ স্পেচিয়েলিটি হাস্পতাল, ইন্দো ইছলামিক ৰিচাৰ্ছ চেন্টাৰ আৰু কমিউনিটি কিচেন নিৰ্মাণ কৰা হ’ব বুলি ইতিমধ্যে ছুন্নী ব’ৰ্ডে ঘোষণা কৰিছিল।
ইফালে ইন্দো ইছলামিক কালচাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্টে অযোধ্যাৰ মছজিদৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে।
ট্ৰাষ্টে মজদিৰ নক্সা প্ৰস্তুত কৰিবলৈ জামিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ স্থাপত্য বিভাগৰ সভাপতি অধ্যাপক এছ এম আখতাৰক দায়িত্ব দিছিল।
আখতাৰে প্ৰস্তুত কৰা নক্সাৰ মতে নতুন মছজিদটো বাবৰি মছজিদতকৈ আকৃতিত পৃথক হ’ব। আধুনিক স্থাপত্যৰ আৰ্হিৰে নিৰ্মাণ কৰিবলগীয়া মছজিদটোত একেলগে ২ হাজাৰ মানুহে নামাজ পঢ়িব পাৰিব বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে মছজিদটোৰ গম্ভূজটো ডিম্বাকৃতিৰে ভূমিৰ পৰা প্ৰায় ১৫ হাজাৰ ফুট উচ্চতালৈকে নিৰ্মাণ কৰা হ’ব।