NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ লিডুত ভয়ংকৰ অগ্নিকাণ্ড; বাসগৃহ সম্পুৰ্ণৰূপে ভস্মীভূত

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ December 14, 2020 6:58 pm

আজি ৰাতিপুৱা মাৰ্ঘেৰিটাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ঝৰ্ণা বস্তিত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ৰতন মিত্ৰ নামৰ লোকজনৰ এটা বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়।

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি এই অগ্নিকাণ্ডৰ ফলত ৰতন মিত্ৰ নামৰ লোকজনৰ প্ৰায় ৩ লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংস হৈছে।

আনহাতে, বৰ্তমানলৈ জুই লগাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে  অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

অগ্নিকাণ্ডৰ সময়ত বাসগৃহৰ ৰান্ধনী শালত থকা চিলিণ্ডাৰৰো প্ৰচণ্ড বিস্ফোৰণ হয়।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই স্থানীয় ৰাইজে  অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিছিল যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই বাসগৃহটো জুইত সম্পূৰ্ণৰূপে জাহ যায়।

স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত নিৰ্ধাৰিত সময়ত উপস্থিত নোহোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে।