NORTHEAST NOW (Assamese)
অসম

টীয়ক কাৱৈমাৰী আৰু উত্তৰ-দক্ষিণ দুলিয়া শাখা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 20, 2020 12:36 pm
aasu unit

যোৰহাট জিলাৰ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম সক্ৰিয় আৰু শক্তিশালী শাখা টীয়ক কাৱৈমাৰী শাখা ছাত্ৰ সন্থাৰ সমিতি গঠনৰ সভাখন আজি কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু উত্তৰ-দক্ষিণ দুলিয়া শাখা ছাত্ৰ সন্থাৰ সভাখন ১৯৭ নং উত্তৰ দুলিয়া প্ৰাথমিক বিদ্যালয়ত অৰ্ধশতাধিকতকৈও অধিক ছাত্ৰ কৰ্মীৰ উপস্থিতিত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰণ্টু ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কাৱৈমাৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি আকাশ গগৈ আৰু উত্তৰ দক্ষিণ দুলিয়া শাখা ছাত্ৰ সন্থাৰ  সাধাৰণ সম্পাদক শান্তনু দাসে।

সভাত আকাশ কুমাৰ গগৈক সভাপতি আৰু পুলক কলিতা সাধাৰণ সম্পাদক হিচাপে লৈ কাৱৈমাৰী শাখা আৰু প্ৰাঞ্জল দাসক সভাপতি আৰু দেৱপ্ৰতিম দাসক সাধাৰণ সম্পাদক হিচাপে লৈ উত্তৰ-দক্ষিণ দুলিয়া শাখাৰ শক্তিশালী সমিতি গঠন হয়।

এই সভাত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, উপদেষ্টা প্ৰশান্ত দোলাকাষৰীয়া, বিৰাজ দাস,উপ সভাপতি ৰাজ দাস, ৰক্তিম হাজৰিকা, দীপাংকৰ দাস, সহকাৰী সাধাৰণ সম্পাদক দীপাংকৰ বেজবৰা, প্ৰাঞ্জল দত্ত, প্ৰচাৰ সম্পাদক দীপাংকৰ দাস, শিক্ষা সম্পাদক স্বপ্ননীল বৰুৱা, কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ঋতুপন বৰাকে ধৰি কেইবাজনো আঞ্চলিকৰ বিষয়ববীয়া উপস্থিত থাকে।