NORTHEAST NOW (Assamese)
অসম

নিজ গৃহতে মৃত অৱস্থাত উদ্ধাৰ শিশু; তীব্ৰ চাঞ্চল্য

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ December 22, 2020 2:26 pm
20201222_134827

নিজ গৃহতেই ১৩ বছৰীয়া শিশুৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে শিৱসাগৰত। মঙলবাৰে পুৱা সংঘটিত হয় ঘটনাটো।

শিৱসাগৰৰ গণকপট্টীত সংঘটিত হয় এই ঘটনা। গণকপট্টীৰ কৃষ্ণ নগৰৰ প্ৰয়াত প্ৰণৱ কলিতাৰ গৃহত মৃত অৱস্থাত উদ্ধাৰ হয় শিশুটি। শিশুটিৰ নাম প্ৰচুৰ্যপ্ৰাণ কলিতা।

শিশুটিক কোনো দূৰ্বৃত্তই ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। সপ্তম শ্ৰেণীত অধ্যয়ণৰত আছিল প্ৰাচুৰ্য।

পৰিয়ালৰ লোকে শিশুটিক পৰিকল্পিত ভাৱে হত্যা কৰাৰ সন্দেহ  কৰিছে। পুৱা প্ৰচুৰ্যৰ মাক যোগা কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ সময়তেই সংঘটিত হয় এই ঘটনা।

যোগা কৰি ঘৰলৈ ঘূৰি আহি পুত্ৰক অচেতন অৱস্থাত পৰি থকা দেখি পৰিয়ালৰ লোকৰ সহায়ত প্ৰাচুৰ্যক এখন নাৰ্চিং হোমলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে প্ৰাচুৰ্যক।

ডিঙিত আঘাতৰ চিন দেখি চিকিৎসকে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে। ঘৰটোত প্ৰাচুৰ্য তেওঁৰ মাতৃ আৰু এগৰাকী বায়েকৰ সৈতে বাস কৰিছিল।

শিৱসাগৰ আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে যদিও হত্যাকাণ্ডৰ কোনো শুংসুত্ৰ লাভ কৰা নাই।

ঘটনাক লৈ সমগ্ৰ শিৱসাগৰত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে।