NORTHEAST NOW (Assamese)
Popular Stories

জানুৱাৰী-ফেব্ৰুৱাৰীত নহয় চিবিএছই দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা : কিন্তু হ’ব কেতিয়া?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 7:22 pm
index.jpg

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ ২০২১ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত নহয়। এই কথা জনাইছে কেন্দ্ৰীয় শিক্ষী মন্ত্ৰী ৰমেশ নিশাঙ্ক প’খ্ৰীয়ালে।

মংগলবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী গৰাকীয়ে শিক্ষকসকলৰ সৈতে হোৱা এক ভাৰ্চুৱেল বাৰ্তালাপত কয় “জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ’ব সেই সিদ্ধান্ত পিছত লোৱা হ’ব।”

শিক্ষা মন্ত্ৰী গৰাকীয়ে ব’ৰ্ডৰ পৰীক্ষা অলনাইন মাধ্যমত অনুষ্ঠিত কৰিব নোৱাৰি বুলিও পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে।

স্মৰ্তব্য যে যোৱা ১০ ডিচেম্বৰত শিক্ষাৰ্থীসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বাৰ্তালাপত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ব’ৰ্ডৰ পৰীক্ষা অনলাইন মাধ্যমেৰে নহয় বুলি ঘোষণা কৰিছিল।

উল্লেখ্য যে ক’ৰ’ণা মহামাৰীৰ প্ৰতিৰোধৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল যদিও কোভিড পৰিস্থিতি সামান্য উন্নত হোৱাৰ বাবে যোৱা ১৫ অক্টোবৰৰ পৰা কিছুমান ৰাজ্যত শিক্ষানুষ্ঠানসমূহ পুনৰ খোলা হৈছে।