NORTHEAST NOW (Assamese)
অসম

ওড়িশা এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি ১ পইণ্টতে সন্তুষ্ট নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2020 8:40 am

চলিত হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগৰ এখন খেলত মঙলবাৰে নৰ্থ-ইষ্ট য়ুনাইটেডে ওডিশা এফ চিৰ বিৰুদ্ধে ড্ৰ খেলে। লীগত নৰ্থ-ইষ্ট য়ুনাইটেডৰ এয়া পঞ্চম ড্ৰ।

গোৱাৰ বাম্বোলিমস্থিত জিএমচি এথলেটিক ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত মেচখন ২-২ গ’লত অন্ত পৰাত দুয়োটা দলে এক এক পইণ্ট ভগাই লয়।

মেচখনত ওড়িশাই ডিয়েগো মুৰিচিঅ’ৰ গ’লেৰে প্ৰথম অগ্ৰগতি লাভ কৰে যদিও প্ৰথমাৰ্ধ অন্ত পৰাৰ আগে আগে নৰ্থ-ইষ্টে বেঞ্জামিন লাম্বটৰ গ’লেৰে সমতা স্থাপন কৰে।

দ্বিতিয়াৰ্ধত নৰ্থ-ইষ্টে এটা পেনাল্টি লাভ কৰাত মেচখনত ২-১ৰ অগ্ৰগতি ল’বলৈ সক্ষম হয়। পেনাল্টিটো গ’ললৈ ৰূপান্তৰ কৰে কে এপায়াই।

নৰ্থ-ইষ্টে অগ্ৰগতি লাভ কৰাৰ দুই মিনিটৰ পিছতেই ওড়িশাই আক্ৰমণ তীব্ৰতৰ কৰি তোলে আৰু ক’ল আলেকজেণ্ডাৰে দলৰ হৈ দ্বিতীয়টো গ’ল কৰিবলৈ সক্ষম হয়। আৰু মেচখনত সমতা স্থাপন কৰে।

ইয়াৰ পিছত দুয়োটা দল গ’ল কৰাত বিফল হয় আৰু মেচখন ২-২ত ড্ৰ হয়।

উল্লেখ্য যে কালিৰ মেচখনৰ পৰা লাভ কৰা ১ পইণ্টৰ সহায়ত নৰ্থ-ইষ্টে এই পৰ্যন্ত আঠখন মেচৰ পৰা ১১ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ চতুৰ্থ স্থানত আছে।