NORTHEAST NOW (Assamese)
অসম

চীনক চিন্তাত পেলাই ফ্ৰান্সৰ সেনাৰে সামৰিক অনুশীলন চলাব ভাৰতীয় সেনাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2020 4:47 pm
a indo

লাডাখকলৈ চীনৰ সৈতে ভাৰতৰ কোনো আলোচনা সফল হোৱা নাই বুলি ভাৰতৰ কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰাৰ সময়তে চীনক চিন্তাত পেলাই ফ্ৰান্সৰ সেনাৰ সৈতে ভাৰতীয় সেনাই যুটীয়া সামৰিক অনুশীলন চলাবলৈ সাজু হৈছে।

আজি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে নৱবৰ্ষৰ জানুৱাৰী মাহৰ তৃতীয় সপ্তাহত ৰাজস্থানৰ যোধপুৰ ভাৰত আৰু ফ্ৰান্সৰ সেনাই সামৰিক অনুশীলনত ভাগ ল’ব।

এই অনুশীলনত ভাৰতে শেহেতীয়াকৈ ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৰাফেল যুদ্ধ বিমান ব্যৱহাৰ হ’ব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখ্য যোৱা ৪ নৱেম্বৰত

ফ্ৰান্সৰ পৰা  ভাৰত  আহি পাইছিল  তিনিখন ৰাফেল যুদ্ধবিমান ।

ফ্ৰান্সৰ পৰা উৰা মৰাৰ পাছত ৰাফেল যুদ্ধবিমান তিনিখনে পোনে পোনে আহি জামনগৰত অৱতৰণ কৰিছিল।

প্ৰথম পৰ্যায়ত ফ্ৰান্সে পাঁচখন ৰাফেল যুদ্ধবিমান ভাৰতৰ হাতত অৰ্পন কৰিছিল।

ভাৰতীয় বায়ু সেনা বাহিনীৰ আম্বালা বায়ু সেনা বাহিনীৰ ঘাটিত আনুষ্ঠানিকভাৱে ৰাফেল যুদ্ধবিমান পাঁচখনক ভাৰতীয় বায়ু সেনা বাহিনীত অন্তৰ্ভূক্ত কৰা হৈছিল।

উক্ত অনুষ্ঠানত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীও উপস্থিত আছিল।

দ্বিতীয় পৰ্যায়ত নতুনকৈ অহা তিনিখন ৰাফেল যুদ্ধবিমানৰ সৈতে ভাৰতীয় বায়ু সেনা বাহিনীত মুঠ ৰাফেল যুদ্ধ বিমানৰ সংখ্যা আঠ খনলৈ বৃদ্ধি পাইছিল।