NORTHEAST NOW (Assamese)
Popular Stories

বিৰোধীয়ে কৃষকসকলক বিপথে পৰিচালিত কৰি আছে : হেমামালিনী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 13, 2021 12:29 pm

কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলক বিৰোধীয়ে বিপথে পৰিচালিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বিজেপি সাংসদ হেমামালিনীয়ে।

কৃষক আৰু খেতিৰ হিতৰ বাবে কেন্দ্ৰীয় চৰকাৰ এই কৃষি আইন তিনিখন আনিছে বুলি মন্তব্য কৰি তেওঁ কয় যে আইন কেইখনত কোনো আসোঁৱাহ নাই আৰু বিৰোধীৰ উচটনিতহে কৃষকসকলে এইদৰে আন্দোলন কৰি আছে।

উল্লেখ্য যে, হেমামালিনীয়ে সোমবাৰে মথুৰাৰ বৃন্দাবনস্থিত বাসগৃহলৈ গৈছিল আৰু মঙলবাৰে সংবাদ মাধ্যমৰ আগত কৃষি আইন সন্দৰ্ভত এইদৰে মন্তব্য কৰি বিৰোধীক সমালোচনা কৰে।

ইফালে ক’ৰ’না ভেকচিনকলৈ সমাজবাদী পাৰ্টিৰ অধ্যক্ষ তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অখিলেশ যাদৱে কৰা মন্তব্য সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত নেত্ৰীগৰাকীয়ে কয় যে আমাৰ চৰকাৰৰ সকলো ভাল কামক সমালোচনা কৰাই হৈছে বিৰোধীৰ একমাত্ৰ কাম।

বিৰোধীৰ এনে মন্তব্যক সম্পূৰ্ণৰূপে আওকান কৰি আগবাঢ়ি যোৱাটোহে আমাৰ চৰকাৰৰ লক্ষ্য বুলি মন্তব্য কৰে হেমামালিনীয়ে।