NORTHEAST NOW (Assamese)
অসম

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 26, 2021 7:44 pm
ULFA flag

আজি সমগ্ৰ দেশে ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰাৰ সময়তে অসমৰ ধলপুৰত আলফা স্বাধীনৰ পতাকা উত্তোলন কৰা স্থানীয় লোকে প্ৰত্যক্ষ কৰে।

স্থানীয় লোক সকলে ধলপুৰৰ পেটুৱা গোসাঁনী থানত আলফা স্বাধীনৰ পতাকা উৰি থকা ৰাতিপুৱা দেখা পোৱা মাত্ৰকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত আলফা স্বাধীনৰ পতাকাখন নমাই আনে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অঞ্চলটোৰ বিভিন্ন লোকক সোধ-পোছ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী শিৱসাগৰ ভ্ৰমণলৈ অহাৰ সময়তে আলফা স্বাধীনে ডিগবৈত বোমা বিস্ফোৰণ সংঘটিত কৰিবলৈ সফল হৈছিল।

আলফা স্বাধীনৰ তৰফৰ পৰা ডিবগৈত থকা ভাৰতীয় সেনা বাহিনীৰ শিবিৰত এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল বুলি দায়িত্ব স্বীকাৰ কৰিছিল।