NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪ সংখ্যক প্ৰকৃতি শিৱিৰ: ১৩খন বিদ্যালয়ৰ ৪০গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 15, 2021 8:57 am
Noi.21

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়াকৈ আয়োজিত ১৪ সংখ্যক প্ৰকৃতি শিৱিৰৰ দেওবাৰে সামৰণি পৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নেতৃত্বত প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি,কৰবেট ফাউণ্ডেশ্যন, ভূমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহযোগিতাত ১৩ ফেব্ৰুৱাৰীত নেচাৰ্চ অৰিয়েন্টেশ্যন ইনিচিয়েটিভ নামৰ এই প্ৰকৃতি শিৱিৰৰ শুভাৰম্ভ হয়।

এই শিৱিৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৫ টা বনাঞ্চলৰ ২৮ খন গাওঁৰ ১৩ খন বিদ্যালয়ৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

কহঁৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে ৷

উদ্বোধনী অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱ কুমাৰৰ লগতে জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, বিশ্ব প্ৰকৃতি নিধিৰ ড৹ প্ৰনৱ জ্যোতি বৰ , ৱাইল্ড লাইফ ট্ৰাষ্টৰ ডা৹ ভাস্কৰ চৌধুৰী আৰু উপ বন সংৰক্ষক খৰ্গসিং ডেকাৰজা আৰু প্ৰদীপ কুমাৰ বাৰ্মা উপস্থিত থাকে ৷

একেদৰে ১৪ ফেব্ৰুৱাৰীৰ বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা সমাৱৰ্তন সমাৰোহত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,কেম্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক মান বৰুৱা,পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, শিৱসাগৰৰ বনসংমণ্ডলৰ ডি এফ অ’ জয়শ্ৰী নাইডুংগে, জ্যেষ্ঠ সাংবাদিক স্বপন নাথ আৰু দেৱাশীষ বৰুৱা উপস্থিত থাকে ৷

এই অনুষ্ঠানতে শিৱিৰত অংশগ্ৰহণ কৰা ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয় ৷ দুয়ো দিন অনুষ্ঠানৰ আঁত ধৰে গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই ৷

২০০৭ চনৰ পৰা চলি এই বাৰ্ষিক প্ৰকৃতি শিৱিৰত ছাত্ৰ-ছাত্ৰী সকলক বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লগতে ক্ষেত্ৰ অধ্যয়ন, পৰিবেশ শিক্ষাৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ লগতে পৰিবেশ শিক্ষাৰ ধেমালীৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেখুৱা হয় ৷