NORTHEAST NOW (Assamese)
অসম

পুনৰ মাতৃ হ’ল বলিউডৰ অভিনেত্ৰী কৰিণা কাপুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 21, 2021 11:56 am
article-l-202

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ল বলীউডৰ অভিনেত্ৰী কৰিণা কাপুৰক।

আজি অভিনেত্ৰী কৰিণাই এটি পুত্ৰ সন্তানৰ জন্ম দিছে।

কৰিণাৰ অনৰাগীসকল এই সুখবৰটো জনাইছে কৰিণা-ছইফৰ ঘনিষ্ঠ ব্যক্তি ডিজাইনাৰ মনীষ মালহোট্ৰা আৰু কৰিণাৰ ভতিজী ৰিদ্ধিমা কাপুৰ।

ছইফ আলি খানৰ সৈতে ২০১২ চনত বিবাহপাশত আৱদ্ধ হৈছিল কৰিণা।

২০১৬ চনত তেওঁলোকৰ সংসাৰলৈ আহিছিল  পুত্ৰ সন্তান টাই মূৰ আলি খান।

২০২০ চনৰ আগষ্ট মাহত কৰিণা পুনৰ গৰ্ভৱতী হোৱাৰ কথা পৰিয়ালৰ লোকে প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতে পাপাৎৰাজীয়ে কৰিণাৰ পিছ ল’বলৈ আৰম্ভ কৰিছিল।

উল্লেখ্য কৰিণাৰ ফালৰ পৰা দুটা সন্তানৰ পিতৃ হোৱা ছইফ আলি খানৰ আন দুটি সন্তান ক্ৰমে ছাৰা আলি খান আৰু ইব্ৰাহিম  আলি খান আছে।

তেওঁলোক দুয়ো ছইফৰ পূৰ্বৰ পত্নী অমৃতা সিঙৰ সন্তান।