NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনক বায়ু সেনাৰ বিমানেৰে ঘৰলৈ যোৱাৰ প্ৰস্তাৱ দিছিল ট্ৰাম্পে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2021 11:19 am
index.jpgkkk

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰতি ড’নাল্ড ট্ৰাম্পে উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনক ২০১৯ চনৰ হানৈ সন্মিলনৰ পৰা বায়ু সেনাৰ বিমানেৰে ঘৰলৈ ওভতি যোৱাৰ প্ৰস্তাৱ দিছিল। বিশেষ সূত্ৰৰ উদ্ধৃতিৰে এই দাবী কৰিছে আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থা চিএনএন-এ

এজন প্ৰাক্তন বিষয়াৰ উদ্ধৃতিৰে বাতৰিটোত কোৱা হৈছে যে এনে এটা প্ৰস্তাৱ দিয়াৰ আগতে ট্ৰাম্পে তেওঁৰ সহযোগীৰ মতামত বিচাৰিছিল আৰু “এইটো কেৱল তেওঁৰ বন্ধুৰ বাবেহে কৰিছিল”। উল্লেখ্য যে সূত্ৰটোৰ মতে ড’নাল্ড ট্ৰাম্প আৰু কিম জং উন অতি ঘনিষ্ঠ বন্ধু হৈ উঠিছিল।

ইফালে বিবিচি-এ এই বাতৰিটো প্ৰথমে প্ৰকাশ কৰিছিল বুলি দাবী কৰিছে চিএনএন-এ।

মেথিউ পট্টিঞ্জাৰ নামৰ ট্ৰাম্পৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ এছিয়ান বিশেষজ্ঞগৰাকীয়েও বিবিচিক কোৱা মতে ৰাষ্ট্ৰপতি ট্ৰাম্পে কিম জং উনক বায়ু সেনাৰ বিমানেৰে ঘৰলৈ ওভতি যোৱাৰ প্ৰস্তাৱ দিছিল। তেওঁৰ মতে ৰাষ্ট্ৰপতি ট্ৰাম্পে জানিছিল যে কিম জং উনে উত্তৰ কোৰিয়াৰ পৰা চীন হৈ হানৈলৈ দুদিন ধৰি ৰে’লেৰে আহিছিল।

“যদি আপুনি বিচাৰে, মই আপোনাক দুঘণ্টাত ঘৰত থোৱাৰ ব্যৱস্থা কৰি দিব পাৰো।” ৰাষ্ট্ৰপতি ট্ৰাম্পে কিম জং উনক এইদৰে কোৱা বুলি প্ৰকাশ কৰিছে বিষয়াজনে। অৱশ্যে কিম জং উনে ট্ৰাম্পৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল।

উল্লেখ্য যে ২০১৯ চনত ভিয়েটনামৰ হানৈত প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ মাজত এক চুক্তি স্বাক্ষৰ কৰাৰ কথা আছিল।

দুই ৰাষ্ট্ৰনেতাৰ উক্ত সাক্ষাতৰ পিছত এই আশ্বৰ্যকৰ প্ৰস্তাৱটো কিম জং উনক দিছিল ড’নাল্ড ট্ৰাম্পে।

ইফালে দুই ৰাষ্ট্ৰনেতাৰ মাজত যোৱা আলোচনাই কোনো ফলপ্ৰসূ সিদ্ধান্তত উপণীত হ’ব পৰা নাছিল, বিশেষকৈ উনে ড’নাল্ড ট্ৰাম্পক আমেৰিকাই আৰোপ কৰা সকলোবোৰ নিষেধাজ্ঞা প্ৰত্যাহাৰৰ ওপৰত জোৰ দিছিল আৰু ট্ৰাম্পে উনক উত্তৰ কোৰিয়াত মজুত থকা পাৰমাণৱিক অস্ত্ৰসমূহ ধ্বংস কৰাৰ প্ৰস্তাৱ দিছিল।

কিন্তু এই দুই নেতা ঐক্যমতত উপসণীত হ’ব পৰা নাছিল। ইয়াৰ পিছতো কিম জং উনক ট্ৰাম্পে এই অদ্ভূত প্ৰস্তাৱ কিয় দিছিল? এইটো ৰহস্যৰ আৱৰ্তত সোমাই থাকিলেও এয়া ট্ৰাম্পৰ ৰাজনৈতিক অকালপক্কতা বুলিয়ে চৰ্চা লাভ কৰি আহিছে।

আনকি ট্ৰাম্পে সন্মিলন সমাপ্তিৰ পিছৰ সংবাদ মেলতো কিম জং উনক উদ্দেশ্যি কৈছিল যে “কেতিয়াবা আপুনি খোজকাঢ়িও যাব লাগিব।”

এই সমগ্ৰ বিষয়টোৱে মানৱ অধিকাৰ ভংগ কৰা এখন ৰাষ্ট্ৰৰ একনায়কেৰে ট্ৰাম্পৰ ব্যক্তিগত সম্পৰ্কহে প্ৰতিফলিত কৰে বুলি দাবী কৰিছিল বিশেষজ্ঞ মহলে।

তেওঁলোকৰ মতে সেয়ে ট্ৰাম্পে আলোচনা কালত উনৰ আগত এবাৰো দেশখনত সংঘটিত হৈ থকা মানৱাধিকাৰ ভংগৰ বিষয়টো উত্থাপন নকৰি কেৱল পাৰমাণিৱক অস্ত্ৰাগাৰ ধ্বংস কৰিলেহে দেশখনত বিনিয়োগৰ সম্ভাৱনা থকা কথাটোত গুৰুত্ব প্ৰদান কৰি থাকিল।

এই বিষয়ে কিম জম উনক সাংবাদিকে প্ৰশ্ন কৰাত ট্ৰাম্পে আগধৰি ‘আমি সকলোবোৰ কথাই আলোচনা কৰি আছো’ বুলি উত্তৰ দিয়াটোৱে প্ৰসংগটো ট্ৰাম্পে তল পেলাবলৈ চেষ্টা কৰা বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰি আহিছে।

ইফালে ট্ৰাম্পে কিম জন উনৰ সৈতে ব্যক্তিগতভাৱে মধুৰ সম্পৰ্ক থকা বুলি দাবী কৰি আহিলেও পিয়ংয়ঙে ট্ৰাম্পক ‘স্বাৰ্থপৰ উদ্দেশ্য’ৰ বাবে ব্যক্তিগত সম্পৰ্ক গঢ়া বুলি অভিযোগ কৰিছে।