NORTHEAST NOW (Assamese)
অসম

ভাৰত বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ শিৱসাগৰত; বন্ধ হৈ পৰিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ February 26, 2021 12:16 pm
20210226_110437

কনফেডাৰেছন অৱ ইণ্ডিয়া ট্ৰেডাৰ্ছে আহ্বান জনোৱা দেশজুৰি চকা বন্ধ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ প্ৰভাৱ শিৱসাগৰত সম্পূৰ্ণৰূপে পৰা পৰিলক্ষিত হয়।

শিৱসাগৰৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান স্বতঃস্ফুর্তভাৱে বন্ধ থাকে।

কনফেডাৰেছন অৱ ইণ্ডিয়া ট্ৰেডাৰ্চে আহ্বান জনোৱা ভাৰত বন্ধক শিৱসাগৰ চেম্বাৰ্চ অৱ কমাৰ্চে পূৰ্ণ সমৰ্থন জনায়।

ইপিনে চকা বন্ধলৈ সঁহাৰি জনাই শিৱসাগৰৰ সকলো বেচৰকাৰী বাছ, মেজিক,  ট্ৰাক আদি যানবাহনৰ চলাচল  সম্পূৰ্ণৰূপে বন্ধ হোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, জিএছটিৰ অপপ্ৰয়োগ আৰু আসোঁৱাহযুক্ত ফাষ্টটেগ ব্যৱস্থাৰ বিৰুদ্ধে আজি সমগ্ৰ দেশজুৰি ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চকা বন্ধৰ আহ্বান জনাইছিল কনফেডাৰেছন অৱ ইণ্ডিয়া ট্ৰেডাৰ্চে।