NORTHEAST NOW (Assamese)
Popular Stories

কৃষক আন্দোলন : তৃতীয়টো গোচৰত শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰৰ জামিন লাভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 26, 2021 1:01 pm

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন বিৰোধী আন্দোলনত নেতৃত্ব দি কাৰাবাস খাটি শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰে তৃতীয়টো গোচৰত জামিন লাভ কৰিছে।

পঞ্জাৱ আৰু হাৰিয়ানা হাইকোৰ্টে শুকুৰবাৰে দলিত সম্প্ৰদায়ৰ নেতাগৰাকীক জামিন আবেদনৰ ভিত্তিত ন্যায় প্ৰদান কৰিছে।

‘মজদুৰ অধিকাৰ সংগঠন’ নামৰ এটা সংগঠনৰ সদস্য কৌৰক ১২ জানুৱাৰীত নতুন দিল্লীৰ সিংঘু বৰ্ডাৰত শ্ৰমিকসকলৰ আন্দোলনক নেতৃত্ব দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

বৰ্তমান হাৰিয়ানাৰ এখন কাৰাগাৰত কাৰাবন্দী হৈ থকা কৌৰক হত্যাৰ চেষ্টা আৰু ভাবুকি প্ৰদানৰ অভিযোগত তিনিটাকৈ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

প্ৰথম আৰু দ্বিতীয়টো গোচৰত তেওঁ ১২ আৰু ১৫ ফেব্ৰুৱাৰী ত জামিন লাভ কৰিছিল।

তৃতীয়টো গোচৰৰ জামিন আবেদনত তেওঁ উল্লেখ কৰিছিল কাৰাগাৰৰ পুলিচৰ জিম্মাত তেওঁক কেইবাবাৰো প্ৰহাৰ কৰি অত্যাচাৰ চলোৱা হৈছিল।