NORTHEAST NOW (Assamese)
অসম

পুৱতি নিশাই মৰিগাঁও, শোণিতপুৰসহ মধ্য অসম জোকাৰি গ’ল এক ভূঁইকপে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 2, 2021 8:37 am
quake

মৰিগাঁও আৰু শোণিতপুৰ জিলাসহ মধ্য অসম জোকাৰি গ’ল এক মৃদু ভূমিকম্পই।

মংগলবাৰে পুৱতি নিশা প্ৰায় ১.৩২ বজাত ২.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পটো মধ্য অসমত অনুভূত হয়।

ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল তেজপুৰৰ পৰা ৫৬ কিলোমিটাৰ দক্ষিণ পশ্চিমাঞ্চল।

ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল ভূপৃষ্ঠৰ ১৫ কিলোমিটাৰ গভীৰত।

বৰ্তমানলৈকে ভূমিকম্পটোৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ সবিশেষ কোনো বাতৰি অহা নাই।

উল্লেখ্য যে যোৱা ২৫ ফেব্ৰুৱাৰিতো ৩.৬ ৰিখটাৰ স্কেলৰ এক ভূমিকম্পই অসম আৰু মেঘলায়ক জোকাৰি গৈছিল।