NORTHEAST NOW (Assamese)
Popular Stories

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 8, 2021 8:44 pm

মহেন্দ্ৰ সিং ধোনীক অধিনায়কৰ পদৰ বাবে শচীন টেণ্ডুলকাৰে প্ৰস্তাৱ কৰিছিল।

বিচিচিআইৰ প্ৰাক্তন সভাপতি তথা এনচিপি নেতা শ্বাৰদ পাৱাৰে এখন ৰাজহুৱা সভাত এই কথা জানিবলৈ দিছে।

২০০৫ ৰ পৰা ২০০৮ চনলৈকে বিচিচিআইৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা পাৱাৰে কয় যে ২০০৭ চনৰ ইংলেণ্ড ট্যুৰৰ সময়ত সেই সময়ৰ ভাৰতৰ অধিনায়ক ৰাহুল দ্ৰাবিড়ে ইংলেণ্ডত তেওঁক লগ কৰি জনাইছিল যে দ্ৰাবিড়ে অধিনায়কৰ পদ এৰিব বিচাৰে।

ৰাহুল দ্ৰাবিড়ে কৈছিল যে অধিনায়কত্বই তেওঁৰ বেটিঙত প্ৰভাৱ পেলাইছিল, সেয়ে পদবীটো এৰিব বিচাৰে

তাৰ পাছতে পাৱাৰে শচীন টেণ্ডুলকাৰক অধিনায়কত্বৰ প্ৰস্তাৱ দিয়ে কিন্তু টেণ্ডুলকাৰে প্ৰস্তাৱটো প্ৰত্যাখান কৰে।

পাছত টেণ্ডুলকাৰে ধোনীৰ নাম পাৱাৰৰ আগত উত্থাপন কৰে আৰু টেণ্ডুলকাৰৰ প্ৰস্তাৱমতেই ধোনীক অধিনায়কত্ব প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ২০০৭ চনত ভাৰতে এদিনীয়া বিশ্বকাপৰ গ্ৰুপ ষ্টেজৰ পৰাই বিদায় লৈছিল, যাৰ বাবে প্ৰচুৰ সমালোচনাৰ সম্মুখীন হৈছিল।

তাৰপাছতে ধোনীৰ নেতৃত্বত একে বৰ্ষৰে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত টি-২০ বিশ্বকাপত ভাৰত বিজয়ী হয়।

তাৰপাছত ধোনীৰ নেতৃত্বতে ২০১১ চনৰ এদিনীয়া বিশ্বকাপত ঘৰুৱা মাটিত ভাৰত বিজয়ী হোৱাৰ লগতে ২০১৩ চনত ইংলেণ্ডত অনুষ্ঠিত আইচিচি চেম্পিয়নছ ট্ৰফী আঁজুৰি আনে।