NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা ঐতিহাসিক শিৱদ’লত আৰম্ভ হল শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ March 10, 2021 3:23 pm
a man

আজি শিৱদ’ল প্ৰাঙ্গণত এক বৰ্ণাঢ্য   কাৰ্যসূচীৰে উদ্ধোধন কৰা হয় শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ।

শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতুপন নেওগে বন্তি প্ৰজ্বলনেৰে উদ্ধোধন কৰে শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি।

শিৱৰাত্ৰি উপলক্ষ্যে শিৱসাগৰ দ’ল উন্নয়ন পৰিষদৰ দ্বাৰা প্ৰকাশিত আৰু ৰাজেন বৰগোঁহাইৰ দ্বাৰা সম্পাদিত মহাদৃত্য নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে পুৰাতত্ব বিভাগৰ সঞ্চালিকা ড০ দীপৰেখা কুলিলে।

ইপিনে শিৱৰাত্ৰি উপলক্ষ্যে আজিৰে পৰা শিৱদ’লত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে।

শ্ৰী শ্ৰী মহা শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি দ’ল চৌহদৰ চাৰিওফালে এক বৃহৎ মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত অসম তথা ৰাজ্যৰ বাহিৰৰ সাতশৰো অধিক বিপনীয়ে অংশ গ্ৰহণ কৰিছে।

লগতে দ’লমুখ চাৰিআলিত অনুষ্ঠিত হব বিভিন্ন সাংস্কৃতিত অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠানত অসমৰ বহু জনপ্ৰিয় কন্ঠশিল্পীয়ে অংশগ্ৰহণ কৰিব।

আজিৰ এই উদ্ধোধনী অনুষ্ঠানত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, প্ৰাক্তন অধ্যক্ষ কাৰ্তিক চন্দ্ৰ দত্ত, অধিবক্তা বিকাশ দে’কে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।