NORTHEAST NOW (Assamese)
অৰুণাচল

পূব ছিয়াং জিলা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ এ ই এছ ডি এছ ইউৰ

Posted by: এন ই নাও নিউজ March 22, 2018 10:33 am
Pasighat

সদৌ পূব ছিয়াং জিলা ছাত্ৰ সন্থা চমুকৈ এ ই এছ ডি এছ ইউয়ে আহ্বান জনৱোৱা ২৩ মাৰ্চৰ জিলা বন্ধ কাৰ্যসূচী উঠাই লৈছে।

সংগঠনটোৱে Independent Golden Jubilee Government Higher Secondary Schoolৰ চৌহদৰ পৰা স্মাৰ্ট চিটিৰ আধাৰশিলা স্থানান্তৰ কৰাৰ দাবীত উক্ত বন্ধৰ আহ্বান জনাইছিল।

পূব ছিয়াং জিলা প্ৰশাসনৰ সৈতে বুধবাৰে অনুষ্ঠিত হোৱা এক আলোচনাত জিলা প্ৰশাসনে স্মাৰ্ট চিটিৰ আধাৰশিলা উক্ত স্থানৰ পৰা উঠাই ল’বলৈ সংগঠনটোৱে জনোৱা দাবীক মানি লোৱাত এ ই এছ ডি এছ ইউয়ে বন্ধৰ আহ্বান প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়।

আলোচনাটোত জিলাখনৰ সকলো শৈক্ষিক প্ৰতিষ্ঠানৰে সীমা নিৰ্ণয় কৰা হ’ব বুলি সিদ্ধান্ত লোৱাৰ লগতে পাচিঘাট স্মাৰ্ট চিটি উন্নয়ন প্ৰাধিকৰনে স্মাৰ্ট চিটি অভিযান নিয়মাৱলীৰ অনুসৰি স্মাৰ্ট চিটি প্ৰকল্পৰ অধিনত বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়নৰ কাৰ্যসূচী হাতত ল’ব বুলি আলোচনাটোত সদৰী কৰে।