NORTHEAST NOW (Assamese)
অসম

‘মোদীয়ে দেশ বিক্ৰী কৰিহে এৰিব’— প্ৰধানমন্ত্ৰীলৈ শক্তিশেল নিক্ষেপ কৃষক নেতা টিকাইতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2021 8:05 pm
a tikait

মোদীয়ে এতিয়া দেশ বিক্ৰী কৰিবলৈ ওলাইছে।

মোদীৰ এই কাৰ্যত বাধা দিব পাৰিব কেৱল কৃষকসকলেহে।

মোদীক দেশ বিক্ৰীত বাধা দিৱ নোৱাৰিলে কুৰি বছৰৰ ভিতৰত দেশৰ কৃষকসকলে তেওঁলোকৰ মাটিৰ ওপৰত থকা অধিকাৰ হেৰুৱাই পেলাব। এই মন্তব্য ভাৰতীয় কিষাণ ইউনিয়নৰ  নেতা ৰাকেশ টিকাইতৰ।

কৰ্ণাটকৰ শিৱমোগাত বিশাল কৃষক ৰেলীত অংশগ্ৰহণ কৰি কৃষক নেতা গৰাকীয়ে কয় যে প্ৰায় তিনিলাখ কৃষকে দিল্লী ঘেৰাও কৰি তিনিখনকৈ কৃষি আইন বাতিলৰ দাবী জনাই আহিছে।

মোদীয়ে কৃষকৰ অধিকাৰ পুজিপতিৰ ওচৰত বন্ধক ৰাখিব বিচাৰিছে বুলি উল্লেখ কৰি টিকাইতে কয় যে কৃষি আইন কেই খনৰ ফলত কৃষকে তেওঁলোকৰ উৎপাদিত শস্যৰ ওপৰত অধিকাৰ হেৰুৱাব।

ক’লা আইন তিনিখন বাতিলৰ দাবীত কৰ্ণাটৰ লগতে দেশৰ প্ৰতি খন ৰাজ্যতে কৃষকসকলক আন্দোলন কৰিবলৈ তেওঁ আহ্বান জনায়।

মোদীৰ দিনতে দেশৰ ২৬ টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিক্ৰী কৰি দিয়াৰ প্ৰসংগ উত্থাপন কৰি টিকাইতে কয় যে এদিন মোদীয়ে গোটেই দেশ খনকে বিক্ৰী কৰি দিব।

উল্লেখ্য তিনি খনকৈ কৃষি আইন বাতিলৰ দাবীত প্ৰায় চাৰি মাহ ধৰি পঞ্জাৱ,হাৰিয়ানাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে দিল্লীৰ সিংঘু সীমান্তত আন্দোলন অব্যাহত ৰাখিছে।

বিতৰ্কিত কৃষি আইন কেই খন বাতিল নোহোৱা পৰ্যন্ত কৃষক সকলে আন্দোলন অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে।