NORTHEAST NOW (Assamese)
অসম

সোণাৰিত নিৰ্বাচনী কৰ্তব্য পালন কৰি থকাৰ সময়তে প’লিং বিষয়াৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 27, 2021 6:42 pm
Bokakhat

ভোটগ্ৰহণ কেন্দ্ৰতে হৃদৰোগত আক্ৰান্ত হৈ  মৃত্যুক সাৱটি ল’লে এগৰাকী প’লিং বিষয়াই।

ঘটনাটো ঘটিছে সোণাৰিত।

সোণাৰিৰ হাজোৱা এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত হৈ থকা প’লিং বিষয়া তুলসী খনিকৰ হঠাতে হৃদৰোগত আক্ৰান্ত হয়।

বিষয়াগৰাকীক লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।