NORTHEAST NOW (Assamese)
অসম

যৌতুকৰ বাবে বোৱাৰীয়েকক উলংগ কৰি অত্যাচাৰ শাহুৱেকৰ; ভিডিঅ’ ভাইৰেল, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 4, 2021 8:31 am
2c593f04ac6c2cb936538f72ccda7031

যৌতুকজনিত এক জঘন্য ঘটনা পোহৰলৈ আহিছে।

এগৰাকী ২৪ বছৰীয়া বোৱাৰীক স্বামীৰ মাতৃয়ে জঘন্যভাৱে শাৰীৰিক অত্যাচাৰ কৰাৰ দৰে অতি অমানৱীয় ঘটনা সংঘটিত ঘটিছে। সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেলো হৈ পৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ঘটনাটো সংঘটিত হৈছে ওড়িশাৰ কেন্দ্ৰাপাৰা জিলাত।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি জিলাখনৰ ক’ৰুক গাঁৱত যৌতুক বিচাৰি এগৰাকী শাহুৱেৰেক ২৪ বছৰীয়া বোৱাৰীক নগ্ন কৰি অত্যাচাৰ কৰে।

স্থানীয় লোকে শাহুৱেকৰ কৱলৰ পৰা উদ্ধাৰ কৰি বোৱাৰীগৰাকীক স্থানীয় নিকাৰায় আৰক্ষী থানাত খবৰ দিয়ে।

ইতিমধ্যে আৰক্ষীয়ে নিৰ্যাতিতা বোৱাৰীগৰাকীৰ জবানবন্দী লিপিৱদ্ধ কৰিছে।

ইফালে এই জঘন্য ঘটনা সংঘটিত কৰি বোৱাৰীয়েক গৰাকীৰ শাহুৱেকসহ আটাইসকল অভিযুক্ত গাঁও এৰি গোপন ঠাইলৈ পলায়ন কৰিছে।

আৰক্ষীয়ে তেওঁলোকক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।