NORTHEAST NOW (Assamese)
Popular Stories

“দেশৰ শিক্ষাব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি সংবেদনশীল হোৱাটো প্ৰয়োজন” : প্ৰিয়ংকা গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 1:22 pm

চিবিএছই (CBSE) পাঠ্যক্ৰমৰ অন্তৰ্গত দশম-একাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ অফলাইন প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰিবলৈ চেণ্ট্ৰেল ব’ৰ্ড অৱ চেকণ্ডাৰী এডুকেচনে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ বিৰোধ কৰিছে।

তেওঁলোকে কৈছে ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সময়ছোৱাত বৰ্ডৰ এই সিদ্ধান্ত গ্ৰহণযোগ্য নহয়।

ছাত্ৰ-ছাত্ৰীসকলৰ এই প্ৰতিবাদক কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই সমৰ্থন জনাইছে।

তেওঁ কয় যে কভিড-১৯জনিত পৰিস্থিতি সমগ্ৰ দেশত বেয়ালৈ ঢাল খোৱাৰ সময়ছোৱাত চিবিএছইৰ দৰে ব’ৰ্ডে ছাত্ৰ-ছাত্ৰীক কেতিয়াও জোৰ কৰি পৰীক্ষাহলত বহোৱাব নোৱাৰে।

এটা টুইটযোগে তেওঁ কয় যে পৰীক্ষাসমূহ হয় বাতিল কৰিব লাগে, অন্যথা এনেধৰণে আয়োজন কৰিব লাগে যাতে পৰীক্ষা কেন্দ্ৰসমূহত ছাত্ৰ-ছাত্ৰীসকলে শাৰিৰীক উপস্থিতি নথকাকৈয়ে অৱতীৰ্ণ হ’ব পাৰে।

গান্ধীৰ টুইটটোৰ পাছতে বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ স্থিতিক আদৰণি জনাইছে।

উল্লেখযোগ্য চলিত বৰ্ষৰ চিবিএছইৰ পৰীক্ষাসমূহ ৪ মে’ৰ পৰা অনুষ্ঠিত হ’ব।

তদুপৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে পৰীক্ষাৰ সময়ৰ অনিশ্চয়তাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব।

”আমাৰ শিক্ষা ব্যৱস্থাই ইয়াৰ আচৰণসমূহ সম্পূৰ্ণভাৱে সলনি কৰিব লাগে।”- তেওঁ টুইটটোত কয়।

তেওঁ কয় যে দেশৰ শিক্ষাব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি সংবেদনশীলতা আৰু সহমৰ্মিতা প্ৰকাশ কৰাটো প্ৰয়োজন।

আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে সামাজিক মাধ্যমযোগে প্ৰতিবাদ সাব্যষ্ট কৰাৰ পাছত চিবিএছইয়ে যোৱাকালি জনাইছে যে পৰীক্ষাসমূহ সম্পূৰ্ণ সুৰক্ষা আৰু কঠোৰ সতৰ্কতাৰে অনুষ্ঠিত কৰা হ’ব।

পৰীক্ষাসমূহ স্থগিত ৰখা সম্পৰ্কে ব’ৰ্ডে এতিয়ালৈকে কোনো বিবৃত্তি জাৰি কৰা নাই।