NORTHEAST NOW (Assamese)
অসম

টীয়কত হেঁপাহৰ ৰঙালীক আদৰৰ প্ৰস্তুতিত ব্যস্ত ডেকা-গাভৰুৰ জাক

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 10, 2021 2:58 pm
a myanmar

হেঁপাহৰ ৰঙালী বিহুক আদৰৰ বাবে এতিয়া অসমৰ গাঁৱে-ভূঁঞে ব্যাপক প্ৰস্তুতি ।

ঢোল,পেঁপাৰ মাতত ৰজনজনাইছে গাঁও-চহৰ ।শিশুৰ পৰা ডেকা-গাভৰু সকলো ব্যস্ত এতিয়া হুঁচৰি দল গঠন কৰি বিহুত চোতালে চোতালে গৃহস্থক আশীৰ্বাদ দিয়াৰ বাবে তথা মঞ্চত হুঁচৰি প্ৰদৰ্শনৰ বাবে প্ৰয়োজনীয় আখৰাত ।

টীয়কতো দেখা গৈছে অনুৰূপ দৃশ্য । কৰবাত যদি বিহুনাচৰ কৰ্মশালা অনুষ্ঠিত হৈছে কৰবাত আকৌ হুঁচৰি দল সমূহ ব্যস্ত আখৰা কৰাত।

টীয়ক নগৰৰ মাজমজিয়াৰ একাংশ সংস্কৃতিপ্ৰেমী   যুৱক যুৱতী একত্ৰিত হৈ ব্যস্ত হৈ পৰিছে বিহুৰ অনুশীলনত।

অসমীয়াৰ কলা সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত এইসকল নৱপ্ৰজন্মৰ এই প্ৰচেষ্টা এক ইতিবাচক সহাৰি হ’ব বুলি সকলোৱে চৰ্চা কৰিছে।