NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল বিশ্ব: ভাৰত মহাসাগৰত সৰি পৰিল চীনৰ ‘অবাধ্য’ ৰকেট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2021 5:16 pm
chi

এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল সমগ্ৰ বিশ্ব। চীনে শেহতীয়াকৈ মহাকাশলৈ প্ৰেৰণ কৰা লং মাৰ্চ ৫ বি নামৰ ৰকেটটোৰ এটা প্ৰায় ১০০ পুট দৈৰ্ঘৰ অংশ ৰকেটৰ পৰা বিচ্ছিন্ন হৈ তীব্ৰ গতিৰে আহি আছিল পৃথিৱীৰ দিশে।

প্ৰায় ২১ টন ওজনৰ এই অংশটোৱে পৃথিৱীৰ যিকোনো অংশতে আঘাত হানিব পাৰে বুলি মাৰ্কিন মহাকাশ বিজ্ঞানীসকলৰ লগতে আন বহু দেশৰ বিজ্ঞানীয়ে আশংকা ব্যক্ত কৰিছিল।

কিন্তু বিশ্ববাসীক স্বস্তি প্ৰদান কৰি আজি ৰকেটৰ সেই বৃহৎ অংশটো আহি মলদ্বীপৰ ওচৰত ভাৰত মহাসাগৰত আহি পৰেহি।

ফলত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল বিশ্ব।

উল্লেথ্য চীনে তিয়ানহে মহাকাশ আস্থান নামৰ এটা আস্থান নিৰ্মাণ কৰি আছে।

মহাকাশত স্থাপন কৰা উক্ত আস্থানটো লং মাৰ্চ ৫ বি ৰকেটে ২৮ এপ্ৰিলত মহাকাশলৈ কঢ়িয়াই নিছিল।

ৰকেটটোৱে মহাকাশ আস্থানটো সঠিক ভাবে মহাকাশত স্থাপন কৰিলে যদিও ৰকেটটোৰ প্ৰায় ১০০ ফুট দৈৰ্ঘৰ এটা অংশ হঠাতে খহি পৰি পৃথিৱীৰ দিশলৈ ধাৱমান হয়।

সেই অংশটো নিউয়ৰ্ক বা মাদ্ৰিদ চহৰৰ ওপৰত পৰাৰ আশংকা কৰা হৈছিল যদিও আজি ভাৰত মহাসাগৰত সেই অংশটো আহি পৰে।

চীনৰ চৰকাৰৰ তৰফৰ পৰা আজি সেই কথা নিশ্চিত কৰা হৈছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও চীনে মহাকাশলৈ উৎক্ষেপন কৰা আন এটা  মাৰ্চ ৫ বিৰ এটা অংশ খহি পৰি আইভৰি কোষ্টৰ বহু ঘৰ-দুৱাৰৰ ক্ষতিসাধন কৰিছিল।