NORTHEAST NOW (Assamese)
Popular Stories

সঁচাই কৰোনাৰ ভেকচিন লোৱা সকলো মানুহৰে দুবছৰ ভিতৰত মৃত্যু হ’ব নেকি? প্ৰকৃত সত্যতা কি জানক

May 26, 2021 9:16 am
PIB

সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছ মৃত্যু দূতৰূপে পৰিগণিত হৈছে। যোৱা প্ৰায় ডেৰটা বছৰ সমগ্ৰ বিশ্বৰ চিকিৎসা আৰু ভেষজ বিজ্ঞানীসকলে মানৱ কুলক এই মহামাৰী ভাইৰাছবিধৰ পৰা ৰক্ষা কৰাৰ গৱেষণাত ব্ৰতী হৈ আছে।

কৰোনাৰ প্ৰথমটো ঢৌত বিশ্বৰ প্ৰায়বোৰ দেশেই এই ভাইৰাছবিধক প্ৰতিৰোধ কৰিবলৈ লকডাউন বলৱৎ কৰি আৰ্থিকভাৱেও জুৰুলা হৈ পৰিছে।

এনে এক সংকটজনক পৰিস্থিতিৰ মাজতো বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা আৰু ভেষজ বিজ্ঞানীসকলে কৰোনাৰ ভেকচিন প্ৰস্তত আৰু সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আহোপৰুষাৰ্থ কৰি আহিছে।

বিশ্ব স্বাস্থ্য সংস্থাই কোভিড১৯ ভাইৰাছৰ গৱেষণাত লাভ কৰা নিত্য নতুন তথ্যৰ ওপৰত ভিত্তি কৰি সমগ্ৰ বিশ্বৰ পৰাই এই ভাইৰাছ নিৰ্মূলৰ বাবে নতুন নতুন পদক্ষেপ গ্ৰহণ আৰু কোভিড বিধিৰ প্ৰৱৰ্তন কৰি আহিছে।

ইপিনে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত বিশ্বৰ কেবাখনো দেশৰ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানবোৰে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰি বিভিন্ন দেশত কোটি কোটি লোকক দুপালিকৈ প্ৰতিষেধক প্ৰদান কৰি আছে।

তেনে সময়তে কালি দেশত টুইটাৰৰ এটা পোষ্ট ইমেজ আকাৰত চ’ছিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত ভাইৰেল হৈ পৰে।

ইমেজটোত ন’বেল বঁটা বিজয়ী বিশ্বৰ শীৰ্ষস্থানীয় ফৰাচী ভাইৰাছ বিশেষজ্ঞ Luc Montagnierএ কৰোনাৰ ভেকচিন লোৱা বিশ্বৰ প্ৰতিগৰাকী লোকৰেই অহা দুবছৰৰ ভিতৰত মৃত্যু ঘটিব বুলি কোৱা হৈছে।

ইমেজটোত ভাইৰাছ বিশেষজ্ঞ Luc Montagnierৰ উদ্ধৃতিৰে আৰু কোৱা হৈছে যে কৰোনা ভেকচিন গ্ৰহণ কৰাসকলৰ বাবে চিকিৎসা কৰাৰ কোনো আশা আৰু সম্ভাৱনা নাই। আমি মাত্ৰ শৱদেহ সৎকাৰৰ বাবেহে প্ৰস্তুতি চলাই আছো।

এই ইমেজটো ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ দেশতে সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। ইয়াৰ পিছতে ভাইৰেল হোৱা ইমেজটোৰ সত্যতা অনুসন্ধান আৰম্ভ কৰা হয়।

প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া(PIB)ই ভাইৰেল হোৱা টুইটাৰৰ এই স্ক্ৰীণশ্বট আকাৰৰ ইমেজটোৰ ফেক চ্যেক কৰি নিশ্চিত কৰিছে যে এয়া এক ভুৱা প্ৰচাৰহে মাত্ৰ; কৰোনাৰ ভেকচিন গ্ৰহণ কৰা প্ৰতিজন লোকৰে জীৱন সম্পূৰ্ণভাৱে সুৰক্ষিত। কোনো দুষ্ট প্ৰকৃতিৰ লোকে আতংকৰ সৃষ্টিৰ মানসেৰে এই ধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰিছে।

“কোভিড-১৯ ভেকচিনৰ ওপৰত এজন ফৰাচী ন’বেল বঁটা বিজয়ীৰ উদ্ধৃতি দিয়া এটা ইমেজ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে। ইমেজটোৱে কৰা দাবীটো সম্পূৰ্ণ ভুৱা। কোভিড-১৯ ভেকচিন সম্পূৰ্ণৰূপে সুৰক্ষিত। এই ইমেজটো প্ৰচাৰ কৰিব নালাগে।” ইমেজটো ভুৱা বুলি নিশ্চিত কৰি PIBএৰ অফিচিয়েল টুইটাৰত এইদৰে কোৱা হৈছে।